লখিমপুৰ, পল্লৱ মিলি: বিজেপি বিধায়ক প্ৰশান্ত ফুকনক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনাই বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

আজি লখিমপুৰত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছৰ এক পদযাত্ৰাত অংশগ্ৰহণ কৰি শইকীয়াই এই আহ্বান জনায়।

‘’কংগ্রেছৰ পৰা বিজেপিলৈ যোৱা সৰহভাগ নেতাই মন্ত্রীত্ব পোৱাৰ বিপৰীতে প্ৰশান্ত ফুকন বঞ্চিত হৈ আছে তেওঁৰ ট্ৰেইনিং কম হৈ আছে, কংগ্রেছলৈ আহিলে উপযুক্ত ট্ৰেইনিং দিয়া হব,’’ ফুকনক কংগ্ৰেছৰ আহ্বান জনাই শইকীয়াই এইদৰে কয়।

পদযাত্ৰাত ভাগ লৈ বিৰোধী দলপতি গৰাকীয়ে বিজেপি আৰ এছ এছক সমালোচনাৰ লক্ষ্য কৰি লয়। তেওঁ কয়, ‘’এসময়ত ত্ৰিৰংগাক অশুভ বুলি কোৱা আৰ এছ এছৰ মদতপুষ্ট বিজেপিয়ে এতিয়া হৰ ঘৰ ত্ৰিৰংগা কৰি পাপৰ প্ৰায়শ্চিত্ত কৰিছে।‘’

লগতে পঢ়ক – সামাজিক সংকীৰ্ণতাৰ মৰ্মন্তদ ছবি; স্বামীৰ নশ্বৰ দেহ গাঁতত পুতি থবলৈ বাধ্য হৈছিল প্ৰণীতা দেৱী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply