গুৱাহাটী : অসম আৰক্ষীয়ে আগন্তুক বিধানসভা নির্বাচনৰ বাবে সকলো দিশৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছে৷ অসম আৰক্ষীয়ে ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ সহযোগত এক নতুন ‘চফটৱেৰ’ প্ৰযুক্তি তৈয়াৰ কৰিছে, যাৰ সহায়ত আৰক্ষীৰ লোকসকলক ‘অশৃংখলিতভাৱে’ বাচনি কৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত মোতায়েন কৰা হ’ব৷
এই প্ৰক্ৰিয়াত যাতে কোনেও হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ই সম্পূর্ণ নিৰপেক্ষ হ’ব৷ ইতিমধ্যে প্ৰথম পর্যায়ৰ নির্বাচনৰ বাবে এই প্ৰক্ৰিয়া সম্পূর্ণ হৈছে আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে এই প্ৰক্ৰিয়া সম্পূর্ণ কৰিবলৈ ২৫ জনীয়া আন এটা আৰক্ষীৰ দলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কাহিলীপাৰাস্থিত ‘নির্বাচন নিয়ন্ত্ৰণ কেন্দ্ৰ’ত উপস্থিত হৈ কাম-কাজসমূহৰ বুজ লয়।
ইয়াৰ লগত জড়িত আৰক্ষী আৰু ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰৰ বিষয়াসকলৰ লগত মত-বিনিময় কৰি এই প্ৰক্ৰিয়াত যাতে কোনোধৰণৰ আসোঁৱাহ ৰৈ নাযায় তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। তদুপৰি, সঞ্চালকপ্ৰধানগৰাকীয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলৰ লগতো মত-বিনিময় কৰি তেওঁলোকৰ কাম-কাজৰ শলাগ লয়৷ উল্লেখযোগ্য যে আৰক্ষী মোতায়েনৰ ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেশৰ ভিতৰতে অসম দ্বিতীয়খন ৰাজ্য৷