গুৱাহাটী: শীঘ্ৰেই ব্যাপক পট পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে অসমৰ ৰাজনীতি। মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজসভাত উমি উমি জ্বলি থকা ক্ষমতাকেন্দ্ৰিক জুইকুৰা ইমানতে অন্ত পেলাবলৈ সাজু হৈছে খোদ মুখ্যমন্ত্ৰী।
মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক গোটৰ মাজৰ পৰাই লাভ কৰা তথ্য অনুসৰি, ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্ব প্ৰদান নকৰি এটা ৰাজনৈতিক সচিবৰ পদ সৃষ্টি কৰা হৈছিল আৰু তেওঁক সেই পদত আসীন কৰোৱা হৈছিল।
তাৰ পৰিৱৰ্তে জাগীৰোডৰ বিধায়ক পীয়ুষ হাজৰিকাক প্ৰদান কৰা হৈছিল একাধিক গুৰুত্বপূৰ্ণ বিভাগকৰ মন্ত্ৰিত্ব। তেতিয়াৰে পৰা আৰম্ভ হোৱা ক্ষমতাকেন্দ্ৰিক সংঘাতে শেহতীয়াকৈ গুৰুতৰ ৰূপ লোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ জয়ন্ত মল্ল বৰুৱাক প্ৰথমটো মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময়ত মন্ত্ৰিত্ব প্ৰদান কৰাৰ পিছৰে পৰা এই সংঘাত স্পষ্ট হৈ পৰিছে।
বিগত প্ৰায় দুটা মাহত হিমন্ত মন্ত্ৰীসভাৰ প্ৰধান সেনাপতিখ্যাত পীয়ুষ হাজৰিকাৰ স্থানত দেখিবলৈ পোৱা গৈছে জয়ন্ত মল্ল বৰুৱাক।
দুই ঘনিষ্ঠ আৰু বিশ্বস্ত মন্ত্ৰীৰ মাজত চলি থকা সংঘাতে যে হিমন্ত মন্ত্ৰীসভাক ক্ষতি কৰিবলৈ যথেষ্ট সেয়া ইতিমধ্যে বুজি উঠিছে উত্তৰ-পূৱৰ চাণক্যখ্যাত হিমন্ত বিশ্ব শৰ্মাই।
সেয়ে লোকসভা নিৰ্বাচনৰ যোগেদি একাধিক লক্ষ্য পূৰণৰ ব্লুপ্ৰিণ্ট সাজু কৰি উলিয়াইছে মুখ্যমন্ত্ৰীয়ে। ইষ্টম’জ’ অসমৰ পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।
ইয়াৰে লখিমপুৰ সমষ্টিৰ পৰাই বৰ্তমানৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকাক নিৰ্বাচনত অৱতীৰ্ণ কৰোৱাৰ গোপন মাষ্টাৰ প্লেন যুগুত কৰা হৈছে বাজপেয়ী ভৱনত। তদাৰক কৰিছে মুখ্যমন্ত্ৰীয়ে নিজেই। উল্লেখ্য যে এই উদ্দেশ্য আগত ৰাখিয়েই শেহতীয়া দেউৰী স্বায়ত্ত্বশাসিক পৰিষদৰ নিৰ্বাচনৰ মুখ্য তত্বাৱধায়কৰ দায়িত্ব দিয়া হৈছিল পীয়ুষ হাজৰিকাক। স্বাভাৱিকতে একাধিক মন্ত্ৰী বিধায়কে এই নিৰ্বাচনত প্ৰচাৰ অভিযানত অংশ লৈছিল যদিও এয়া আছিল পীয়ুষ হাজৰিকাৰ বাবে নিৰ্বাচন জিকাই অনাৰ এক চেলেঞ্জ।
বিজেপিৰ শীৰ্ষস্থানীয় এক সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ২০২৬ ৰ সাধাৰণ নিৰ্বাচনৰ পিছতে ৰাজ্য এৰি কেন্দ্ৰলৈ যোৱাৰ মন মেলিছে হিমন্ত বিশ্ব শৰ্মাই।
উত্তৰ-পূৱৰ ২৫ গৰাকীকৈ সাংসদ হাতত ৰাখি দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰিব হিমন্ত বিশ্ব শৰ্মাই। কাজেই কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ দপ্তৰ দাবী কৰিব ড০ শৰ্মাই। তাৰেই কুচকাৱাজ, শেহতীয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শক্তিশালী জনসম্পৰ্কবোৰ।
কেৱল সেয়ে নহয়, দিল্লীলৈ যোৱাৰ পূৰ্বে প্ৰতিদিনৰ ৰূপৰেখা নখদৰ্পনত ৰাখিবৰ বাবেই আপাৰ হাউচ-ল’ৱাৰ হাউচ দুয়ো ঠাইতেই নিজৰ ঘনিষ্ঠ ব্যক্তিক প্ৰতিষ্ঠা কৰাৰ সুপৰিকল্পিত আঁচনি ড০ শৰ্মাৰ হাতত।
অৱশ্যে এই অনুশীলন ড০ শৰ্মাৰ নতুন কথা নহয়। কংগ্ৰেছৰ পৰা বিজেপি গমনৰ পূৰ্বেও একাধিক ঘনিষ্ঠ ব্যক্তিক বিজেপিত যোগদান কৰোৱাই ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক, সাংগঠনিক দিশবোৰৰ বিভিন্ন সুৰুঙাৰ বিষয়ে অৱগত হৈছিল। গতিকে দিল্লী যাত্ৰাৰ ক্ষেত্ৰতো একেই নীতি অৱলম্বন কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
পিছে, এনে পৰিস্থিতিত দিল্লীলৈ গ’লেও, দাদাৰ ৰিম’টতে অসমৰ ৰাজনীতি চলাব দাদা ব্ৰিগেদৰ আটাইকেইগৰাকী নেতাই। কাৰ্যতঃ মন্ত্ৰী পীয়ুষ হাজৰিকাক দিল্লীলৈ প্ৰেৰণ কৰি মন্ত্ৰীসভাত চলি থকা সংঘাতৰ অৱসান, দিল্লীত থিতাপি লোৱাৰ পূৰ্বপৰিকল্পনা, আৰু লোকসভা নিৰ্বাচনত লখিমপুৰৰ প্ৰাৰ্থীকেন্দ্ৰিক আলোচনাৰ মোখনি মাৰিবলৈ সাজু মুখ্যমন্ত্ৰী।
লগতে পঢ়ক – প্ৰাপ্যৰ দাবীত লখিমপুৰত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ