গুৱাহাটী: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মৌন ব্ৰত। ৰাজীৱ ভনৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে মৌন ব্ৰত কাৰ্যসূচী ৰূপায়ন কৰে।
উত্তৰাখণ্ডত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্রেছ নেতা ৰাহুল গান্ধীৰ পিতৃকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে ৰাজীৱ ভনৱত এঘন্টাৰ বাবে মৌন ব্ৰত কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ ৰিপুন বৰাসহ কংগ্ৰেছৰ দলৰ বহু জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়ে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু ৰিপুন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছ দলৰ নেতা সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বত স্পষ্টীকৰণৰ দাবী জনায়।
লগতে পঢ়ক- পৌৰ নিৰ্বাচনৰ বাবে শিৱসাগৰ জিলাত বিজেপি, ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা