গুৱাহাটী: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নতুন অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ৰাজু টিছোৱে। সদ্য সমাপ্ত কাৰ্বি আংলং স্বায়ত্তশাসিত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী টিছোৱে কৰকান্থী সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে কাৰ্যবাহী সদস্য হিচাপে জয়লাভ কৰে।

ইয়াৰ পূৰ্বে আজি ৰাজু টিছোৱে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটিয়া সচিব বিৰেণ সিং ইংতিৰ হাতত অধ্যক্ষ পদৰ বাবে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল। মনোনয়ন পত্ৰ দাখিলৰ সময়ত টিছোৰ সৈতে পৰিষদৰ মুক্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং উপস্থিতি থাকে।

উল্লেখযোগ্য যে যোৱা সোমবাৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্বাচিত ২৬ সদস্যক শপতবাক্য পাঠ কৰোৱায়। উক্ত শপতগ্ৰহণ অনুষ্ঠানত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতি আছিল।

এইবাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আটাইকেইখন আসনতে শাসাধিষ্ঠ বিজেপিয়ে জয়লাভ কৰে।

লগতে পঢ়ক – অভিলেখ সৃষ্টি কৰি কিলোত ৯৯,৯৯৯ টকাত বিক্ৰী পাভজান গ’ল্ড টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply