২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ বাকী থকা অৱস্থাত নিৰ্বাচনী যুঁজলৈ কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধীয়ে। ৰাজ্যৰ ১৪ সমষ্টিৰ বাবে ৫০ জনীয়া প্ৰাৰ্থীৰ এক প্ৰাৰম্ভিক পেনেল সাজু কৰি উলিয়াইছে মুখ্য বিৰোধী দল কংগ্ৰেছে। 

শেহতীয়াকৈ এআইইউডিএফ আৰু বিজেপিক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি দুয়োটা দলৰ বিৰুদ্ধেই ৰণ ঘোষণা কৰা কংগ্ৰেছে ৰাজ্যৰ আটাইেকেইটা সমষ্টিৰ বাবেই তালিকা প্ৰস্তুত কৰাৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে যে এইবাৰ অকলেই ৰণত নামিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। 

বিগত বিচধানসভা নিৰ্বাচনত মহাজোঁট গঠন কৰি বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈও বেয়াকৈ পৰাজিত হোৱা কংগ্ৰেছে এইবাৰ নিজৰ দলীয় প্ৰাৰ্থীৰ ওপৰতে আস্থাভাজন হৈয়েই এই সিদ্ধান্তত উপনীত হৈছে বুলি জানিব পৰা গৈছে। 

প্ৰাপ্ত তথ্য অনুসৰি কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত ভাল ফলাফল আশা কৰিয়েই দলৰ দুগৰাকীকৈ শক্তিশালী নেতা তথা বৰ্তমানৰ বিধায়ক ক্ৰমে দেৱব্ৰত শইকীয়া আৰু ৰকিবুল হুছেইনক সমূখত ৰাখি ৰণত নমাৰ প্ৰস্তুতি হাতত লৈছে।

দুয়োগৰাকী নেতাৰ নাম এই ৫০ জনীয়া তালিকাত ৰখা হৈছে দুটা অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী সমষ্টিৰ বিপৰীতে। এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ এনে টেকটিক যদিহে সফল হয় তেন্তে শইকীয়া আৰু হুছেইনে ৰাজ্যৰ ৰাজনীতি এৰি দিল্লীলৈ যোৱাটো নিশ্চিত হ’ব। তাৰ লগে লগে ২০২৬ ৰ বিধানসভা নিৰ্বাচনতো চামগুৰি আৰু নাজিৰা সমষ্টিত ৰাজনৈতিক সমীকৰণে জটিল ৰূপ ল’ব কংগ্ৰেছৰ বাবে। 

এই পেনেল প্রস্তুতেৰে কোন সমষ্টিত কোন প্রার্থীক প্রার্থিত্ব দিলে বিজেপি আৰু এ আই ইউ ডি এফক প্রতিহত কৰিব পৰা যাব, তাক লৈ পৰ্যালোচনা অব্যাহত ৰাখিছে কংগ্ৰেছে। প্রদেশ কংগ্ৰেছ নেতৃত্বই গুৱাহাটী সমষ্টিৰ বাবে ছগৰাকী নেতা বিষয়ববীয়াৰ নাম পেনেলত ৰাখিছে। তেওঁলোক হ’ল ক্ৰমে প্রাক্তন সাংসদ দ্বিজেন শৰ্মা আৰু ৰাণী নৰহ। লগতে আছে ববিতা শর্মা, মানস বৰা, মীৰা বৰঠাকুৰ আৰু ৰমেন বৰঠাকুৰ।

অৱশ্যে, নগাঁও, বৰপেটা আৰু কলিয়াবৰ সমষ্টিৰ বাবে এজনীয়া পেনেল প্ৰস্তুত কৰিছে বিৰোধী দলটোৱে। নগাঁও সমষ্টিৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম নগাঁৱৰ পেনেলত ৰখাৰ বিপৰীতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ নাম কলিয়াবৰৰ পেনেলত ৰখা হৈছে। বৰপেটা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ নাম বৰপেটাৰ পেনেলত ৰাখিছে কংগ্ৰেছ নেতৃত্বই। 

অর্থাৎ বৰ্তমানৰ তিনিওগৰাকী সাংসদে ২০২৪ৰ লোকসভা নিৰ্বাচনত পুনৰ প্রার্থিত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে। ডিফু সমষ্টিৰ তালিকাত প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙ, সিং টেৰণ আৰু ক্লেংডুং ইংতিৰ নাম। কোকৰাঝাৰ পেনেলত আছে গজেন মুছাহাৰী, ধনেশ্বৰ বড়ো আৰু সঞ্জীৱ ৱাৰী। 

মঙলদৈ সমষ্টিৰ পেনেল আছে শক্তিশালী দাবীদাৰ ৰিজুমণি তালুকদাৰ, মাধৱ ৰাজবংশী, বসন্ত দাস, আৰু ৱাহিদা আহমেদ। তেজপুৰৰ তালিকাত আছে আৰ পি শৰ্মা, অপূর্ব ভট্টাচার্য, অভিজিত হাজৰিকা, দিলীপ বৰা, কাৰ্তিক কুৰ্মী আৰু প্ৰেমলাল গঞ্জু।

যোৰহাট সমষ্টিৰ বাবে প্ৰস্তুত কৰা পেনেলত নাম অন্তর্ভুক্ত হৈছে বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ নাম। সমষ্টিটোৰ পেনেলত আন চাৰিগৰাকী নেতা ক্ৰমে ৰাণা গোস্বামী, মঞ্জিল গগৈ, অংকিতা দত্ত আৰু অজয় গগৈৰ নামো অন্তৰ্ভুক্ত হৈছে।

ইফালে ধুবুৰী সমষ্টিৰ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক প্রতিহত কৰিবলৈ বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে। সমষ্টিটোৰ বাবে প্ৰস্তুত কৰা পেনেলত অন্তর্ভুক্ত হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নাম। অৱশ্যে এই তালিকাত ৱাজেদ আলী চৌধুৰী, মতিউৰ মণ্ডল আৰু আব্দুল হামিদ নামো আছে।

অৱশ্যে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ বিভিন্ন পর্যায়ত আলোচনাহে চলি আছে বুলি উল্লেখ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বই। ফেব্ৰুৱাৰীৰ মাজভাগত দিল্লীত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে অনুষ্ঠিত হ’বলগীয়া বৈঠকতে এই তালিকাক লৈ বিশদ আলোচনা হ’ব বুলিও জানিব পৰা গৈছে। 

পিছে ইমান দিনে বিজেপি আৰু এআইইউডিএফক প্ৰতিহত কৰিবৰ বাবে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু অখিল গগৈৰ ৰাইজৰ দল তথা অন্যান্য সৰু-বৰ আঞ্চলিক দলৰ সৈতে মিত্ৰতা স্থাপন কৰি যুঁজ আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি অহা কংগ্ৰেছে প্ৰকাশ ১৪ টা সমষ্টিৰ সাম্ভাৱ্য তথা প্ৰাৰম্ভিক তালিকাই আগন্তুক সময়ত দলটোৱে যে আন কোনো দলৰ সৈতে মিত্ৰতাত ইচ্ছুক নহয় সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে। 

এনে পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনত বিজেপিক শক্তিশালী প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব নে কংগ্ৰেছ? সেয়া হ’ব লক্ষণীয় বিষয়।

লগতে পঢ়ক – পৃঠক কমতাপুৰ সন্দৰ্ভত দিল্লীত শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply