বোকাখাত, উত্তম কুমাৰ শৰ্মা: আগন্তুক পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি বোকাখাতত নিৰ্বাচন কেন্দ্ৰিক এক অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হয়।

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ উপস্থিতিত আজি বোকাখাতৰ ৭নং ৱাৰ্ডত কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত অনুষ্ঠিত হয়। উক্ত সভা চলি থকা সময়তে কাষৰ পথেৰে আগবঢ়া অগপ-বিজেপিৰ এক নিৰ্বাচনী ৰেলী কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ কাষতে ৰৈ উচ্চস্বৰত মাইক বজোৱাৰ লগতে উচ্চস্বৰত শ্লোগান দিয়াক লৈ দুয়ো পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ।

অগপ-বিজেপি কৰ্মীৰ দ্বাৰা নিৰ্বাচনী সভাত ব্যাঘাত জন্মোৱাৰ অভিযোগ তুলি কংগ্ৰেছে দুয়োটা দলকে গৰিহণা জনায়।

অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ লগতে উপস্থিত হ’ব লগা হয় নিৰ্বাচনী বিভাগ।

লগতে পঢ়ক – কেতিয়া ছবি গৃহলৈ আহিব ছলমান-কেটৰিনা অভিনীত ‘টাইগাৰ ৩’?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply