বিজেপিৰ বৰঘৰ গুজৰাটত অথন্তৰ সৃষ্টিৰ উমান পাই দেশৰ সকলো বিজেপি শাসিত ৰাজ্যলৈ জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে বিজেপি কৰ্ণধাৰে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যসমূহত বিজেপি নেতৃত্বৰ ভাৰসাম্য সৃষ্টি কৰাৰ নিৰ্দেশ দিয়া হৈছে। মোদী এণ্ড কোম্পানীক অসমৰ ১৪ টা লোকসভা সমষ্টিৰ অতি কমেও ১২ টা সমষ্টিৰ সমৰ্থন লাগে। তাৰ বাবে ইতিমধ্যে লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। লোকসভা প্ৰভাস চলি আছে পূৰ্ণোদ্যমে। প্ৰভাসৰ প্ৰতিবেদনৰ ভিত্তিত কাৰ্যপন্থাও যুগুতাইছে ষ্ট্ৰেটেজিক কমিটিয়ে। পিছে কেন্দ্ৰীয় কৰ্ণধাৰৰ নিৰ্দেশ অনুসৰি অসম ৰাজ্যিক বিজেপিত ঘটাব লাগিব ব্যাপক সালসলনি।

এই তালিকাখনলৈ মন কৰিলে বুজিব যে উজনিৰ লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ লোকসভা সমষ্টি সম্প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ দখলত। ইফালে কলিয়াবৰ আৰু নগাওঁ সমষ্টি কংগ্ৰেছৰ দখলত। বৰাক উপত্যাকাৰ কৰিমগঞ্জ আৰু শিলচৰ বিজেপিৰ দখলত। আনফালে পাৰ্বত্য সমষ্টি ডিফুও ভাৰতীয় জনতা পাৰ্টীৰ দখলত। উল্লেখ্য যে নামনিৰ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা এখনো হাতত নাই বিজেপিৰ। পিছে বিজেপিৰ প্ৰায় আটাইকেইটা শীৰ্ষ পদবীত আছে নামনি অসমৰ নেতা।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক সভাপতি ভবেশ কলিতা, এই আটাইকেইগৰাকীয়েই নামনি অসমৰ নেতা। পিছে আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই সালসলনি ঘটাব লাগিব এই নেতৃত্বৰ দায়িত্ব প্ৰক্ৰিয়াত।

কেৱল অসমত বুলিয়েই নহয়, বিজেপি নেতৃত্বাধীন দেশৰ আটাইকেইখন ৰাজ্যলৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছে দিল্লীৰ পৰা। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এক সন্তুলিত সাংগঠনিক ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে গুৰুত্ব প্ৰদান কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় কৰ্ণধাৰে। ইতিমধ্যে দেশৰ একাধিক ৰাজ্যত অপাৰেশ্যন ল’টাছ কাৰ্যকৰী কৰাৰ পিছত এতিয়া বিভিন্ন ৰাজ্যত সাংগঠনিক ভাৰসাম্য নিয়ন্ত্ৰণলৈ অনাৰ কামত নামি পৰিছে বিজেপি। এতিয়া স্বাভাৱিকতেই বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ কাৰ্যকাল বৃদ্ধি নহ’ব। তেন্তে কোন সভাপতি হ’ব বিজেপিৰ উজনি অসমৰ নেতা?

অসম বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাৰ কাৰ্যকাল উকলিব শীঘ্ৰেই। ইয়াৰ পিছতে এগৰাকী উজনি অসম বা উত্তৰ অসমৰ নেতাক সভাপতিৰ দায়িত্ব প্ৰদানৰ চিন্তা-চৰ্চা চলিছে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত।

উজনি অসমত লোকসভা সমষ্টিৰ ক্ষেত্ৰত বিজেপি এক শক্তিশালী স্থিতিত থকাৰ পৰিপ্ৰেক্ষিতত অন্ততঃ সভাপতি পদটো উজনি অসমৰ এগৰাকী নেতাৰ হাতত অৰ্পন কৰা হ’ব। ইয়াৰ বাবে শেহতীয়াকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু মাহমৰাৰ বিধায়ক তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নাম চৰ্চালৈ আহিছে।

বিজেপি দলৰ বহু পুৰণি নেতা প্ৰশান্ত ফুকনে আজি পৰ্যন্ত মন্ত্ৰীত্ব নোপোৱাৰ ক্ষোভৰ কথা ডিব্ৰুগড়বাসী ভোটাৰে জানে। ইফালে কামাখ্যা তাছাক সভাপতিৰ দায়িত্ব দি ৰাজ্যজুৰি থকা বৃহৎসংখ্যক চাহ জনজাতীয় ভোটাৰৰ কথাও মনত ৰাখিছে বিজেপি থিংক-টেংকে। আনফালে যোগেন মহনৰ পৰা মন্ত্ৰীত্ব আঁতৰাই মুখ্য মন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত আহোম প্ৰতিনিধি সুশান্ত বৰগোঁহাইক মন্ত্ৰীসভাত স্থান দিয়াৰ চিন্তা-চৰ্চাও চলিছে।

উল্লেখ্য যে ২০১৮ চনৰ ২১ জানুৱাৰীত বৰ্তমানৰ মন্ত্ৰী তথা নামনি অসমৰ নেতা ৰণজিৎ কুমাৰ দাসে দ্বিতীয় বাৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত আসীন হৈছিল। পিছে ১০ মে’ত হিমন্ত মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে পুনৰ নামনি অসমৰে নেতা তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লাভ কৰে।

ৰাজ্যিক বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা যুৱ মৰ্চা, ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি আদি বিভিন্ন সাংগঠনিক পদত বিগত তিনিটা দশকৰো অধিক কাল কাম কৰি অহা ড০ প্ৰদীপ ঠাকুৰীয়া এইবাৰো বঞ্চিত হ’ব। এই পৰ্যন্ত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ কামতে নিয়োজিত হৈ সংসদীয় ৰাজনীতিত ভৰি দিয়াৰ সুযোগ নোপোৱা ড. ঠাকুৰীয়াই হয়তো অপেক্ষা কৰিব লাগিব অনাগত আৰু দুটা বৰ্ষ।

জানিব পৰা মতে শেহতীয়া ডেৰবছৰীয়া সভাপতিত্বৰ কালছোৱাত বিজেপিৰ সাংগঠিক ভেটি যথেষ্ট শক্তিশালী কৰা ভৱেশ কলিতাক পুনৰ হিমন্ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰোৱা হ’ব।

উল্লেখ্য যে সমগ্ৰ দেশত বৰ্তমান ১৪৪ টা লোকসভা সমষ্টি বিজেপিৰ দখলত নাই। অপাৰেশ্যন ল’টাছৰ পিছত বিজেপিৰ মিছন এই বাকী ১৪৪ টা সমষ্টি উদ্ধাৰ। অসমতো অনুৰূপ ধৰণে কলিয়াবৰ, বৰপেটা, নগাওঁ উদ্ধাৰৰ বাবে যো-জা চলাইছে। সমান্তৰালভাৱে উজনিৰ আটাইকেইটা সমষ্টি পুনৰ নিজৰ দখলতে ৰখাৰ যথাসম্ভৱ আটাইবোৰ কুচকাৱাজ অব্যাহত ৰাখিছে বিজেপিয়ে। ইয়াৰেই অংশ হিচাপে উজনি নামনি আৰু মধ্য-অসমৰ নেতাক দলীয় নেতৃত্ব প্ৰদানেৰে ভাৰসাম্য অক্ষুণ্ণ ৰখাৰ কাম আৰম্ভ কৰিছে।

লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘ৰেগিঙৰ পৰা বাচিবলৈ’ হোষ্টেলৰ পৰা জঁপিয়াই সংকটজনক অৱস্থাত ছাত্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply