ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ঘোষিত মন্ত্ৰীসভাত স্থান লাভ নকৰা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দিনৰে পৰা অতি ঘনিষ্ঠ বুলি পৰিচিত পীযুষ হাজৰিকাৰ মাজত শেহতীয়াকৈ আৰম্ভ হৈছে এক অঘোষিত সংঘাত।
হিমন্ত মন্ত্ৰীসভাৰ দ্বিতীয়খন স্থানৰ বাবে এই সংঘাত। এই সংঘাতৰ ওচৰে পাজৰেও অপ্ৰাসঙ্গিক জ্যেষ্ঠ বিজেপি নেতা কিম্বা অভিজ্ঞ মন্ত্ৰী। আজি কিছুদিন পূৰ্বলৈকে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ মানুহ আছিল পীযুষ হাজৰিকা৷
মহাৰাষ্ট্ৰৰ মন্ত্ৰীগোটক আতিথ্য প্ৰদানৰ পৰা আৰম্ভ কৰি, দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দায়িত্বলৈ, সংবাদ মাধ্যমত ৰাজনৈতিক মন্তব্য প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি চৰকাৰৰ যিকোনো বিষয়ত মুখপাত্ৰ ৰূপে মতামত প্ৰদান কৰালৈ, সকলোতে অনানুষ্ঠানিক কৰ্তৃত্ব আছিল কেৱল পীযুষ হাজৰিকাৰ।
পিছে চলিত বৰ্ষৰে বিগত ৮ জুন তাৰিখে হিমন্ত মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণত মন্ত্ৰিত্ব লাভ কৰে নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ আন এক ঘনিষ্ঠ সহযোগী জয়ন্ত মল্ল বৰুৱাই। আৰু তাৰ পিছৰে পৰা আৰম্ভ হয় মন্ত্ৰীসভাৰ দ্বিতীয় স্থানক লৈ এক অঘোষিত সংঘাত। ইমান দিনে মুখ্যমন্ত্ৰীৰ ছাঁটোৰ দৰে লাগি থকা পীয়ুষ হাজৰিকাৰ স্থানত এতিয়া জয়ন্ত মল্ল বৰুৱা।
জলসম্পদ, জনসংযোগ বিভাগৰ বিভাগীয় দায়িত্বৰ উপৰিও মন্ত্ৰী হাজৰিকাই পৰোক্ষ প্ৰভাৱেৰে চলাই আহিছিল কেবাটাও দপ্তৰ। স্বাস্থমন্ত্ৰী কেশৱ মহন্ত, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিভাগৰ লগতে, খাদ্য আৰু অসামৰিক যোগান আদি একাধিক গুৰুত্বপূৰ্ণ বিভাগৰ অঘোষিত মন্ত্ৰী বুলিয়েই পৰিচিত পীয়ুষ হাজৰিকাৰে শেহতীয়াকৈ লক্ষণীয় তফাৎ বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নকৰা পৰ্যন্ত মন্ত্ৰীসভাৰ দ্বিতীয় স্থানৰ মন্ত্ৰী হিচাপে হাজৰিকাৰ আছিল অবাধ নিয়ন্ত্ৰণ। পিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হোৱাৰ সময়ৰে পৰা এতিয়াৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অবাধ হস্তক্ষেপ আছিল ৰাজ্যৰ আটাইবোৰ বিভাগত। তাৎপৰ্যপূৰ্ণভাৱে সেই হস্তক্ষেপ এতিয়াও অব্যাহত ৰাখিছে নলবাৰীৰ দ্বিতীয়গৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
আনকি একেখন জিলাৰ পৰা দুগৰাকী বিধায়কে হিমন্ত মন্ত্ৰীসভাত স্থান লাভৰ বিষয়টো উত্থাপন কৰি ৰাজ্যৰ অন্যতম জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো ৰাজ্যৰ ৰাজনীতিৰ পৰা বাহিৰলৈ প্ৰেৰণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপি কৰ্ণধাৰগোটত।
কেৱল সেয়াই নহয়, শেহতীয়াকৈ পীয়ুষ হাজৰিকাৰ অধীনৰ জনসংযোগ বিভাগটো হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে ন-বিজেপি, ন-মন্ত্ৰী বৰুৱাই। মুখ্যমন্ত্ৰীৰ কাষৰ পৰা পীয়ুষ হাজৰিকাক আঁতৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাই থকা লবীটোৰ বাবেই শেহতীয়াকৈ ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত বহিবলৈ পীয়ুষ হাজৰিকাই তেওঁলোকক দুবাৰকৈ আমন্ত্ৰণ জনাইয়ো বিফল হৈছিল৷
প্ৰাপ্ত তথ্য অনুসৰি সোণোৱাল চৰকাৰৰ সময়তে জিলাই জিলাই মাইকেৰে সন্ধিয়াৰ বাতৰি শুনোৱাৰ ব্যৱস্থাটোও শেহতীয়াকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হস্তক্ষেপতে বন্ধ হৈছিল৷ এনে পৰিপ্ৰেক্ষিতত দুই প্ৰভাৱশালী মন্ত্ৰীৰ ভিতৰত কোনগৰাকীক মন্ত্ৰীসভাৰ প্ৰধান সেনাপতিৰ দায়িত্বত ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেয়া হ’ব লক্ষণীয় বিষয়।
লগতে পঢ়ক – ভাৰতীয় সেনাৰ আৰ্হিত প্ৰশিক্ষিত হ’ব অসম আৰক্ষী