সোণাৰি: বহু প্ৰতীক্ষাৰ অন্তত ২মে’ত ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত চৰাইদেউ জিলাৰ দুয়োটা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল। ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ লগতে ১০৬ নং সোণাৰি বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ক্ৰমে যোগেন মহন আৰু ধৰ্মেশ্বৰ কোঁৱৰে জয়লাভ কৰিবলৈ সক্ষম হয়।
মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰুজ দিহিঙ্গীয়াক প্ৰায় তেৰ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে ১০৫ নং মাহমৰা বিধানসভা সমষ্টিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানিক গগৈ আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন টাইপা নেতা লোহিত গগৈয়ে তীব্ৰ প্ৰত্যাহ্বান জনাই যোগেন মহনক পৰাস্ত কৰিম বুলি সদম্ভে ঘোষণা কৰিছিল যদিও দুয়োজন প্ৰাৰ্থীয়েই মূৰকত মুখথেকেচা খাব লগীয়াত পৰে।
জাতিয়তাবাদৰ ধ্বজা উৰুৱাবলৈ ৰাইজৰ দল আৰু অজাপই অপ্ৰাণ চেষ্টা চলালেও মাহমৰা সমষ্টিবাসীয়ে উন্নয়নৰ স্বাৰ্থত পুনৰ বিজেপি প্ৰাৰ্থী যোগেন মহনক ভোটদান কৰি বিজয়ী হোৱাত সহায় কৰে।
আনহাতে ১০৬ নং সোণাৰি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰেও কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশীল চুড়ীক প্ৰায় পোন্ধৰ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে সোণাৰি বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ ভেটি নথকাৰ পাছতো দলটোৰ প্ৰাৰ্থী গৌতম হাতীমূৰীয়াই প্ৰায় সোতৰ হাজাৰোধিক ভোট লাভ কৰি উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়।
১০৬ নং সোণাৰি বিধানসভা সমষ্টি
১)ধৰ্মেশ্বৰ কোঁৱৰ(বিজেপি)-৬৭,৬৯৬ (৪৭.৭৪%)
২)সুশীল কুমাৰ চূড়ী(কংগ্ৰেছ)-৫৩,৪৩৬ (৩৭.৬৮%)
৩)গৌতম হাতীমূৰীয়া(অসম জাতীয় পৰিষদ)-১৬,৬৩৯ (১১.৭৩%)
৪)ৰতন হেমৰম(IDP)-১৫৮৫ (১.১২%)
৫)NOTA-২৪৪৪ (১.৭২%)
মুঠ-১,৪১,৮০০
১০৫ নং মাহমৰা বিধানসভা সমষ্টি
১)যোগেন মহন(বিজেপি)-৫১,২৮২(৪৫.১৮%)
২)সুৰুজ দিহিঙীয়া(কংগ্ৰেছ)-৩৮,১৪৭(৩৩.৬১)
৩)মাণিক গগৈ(অসম জাতীয় পৰিষদ)-১১,৩৫৭(১০.০১%)
৪)লোহিত গগৈ(ৰাইজৰ দল)-৯৪৪১(৮.৩২%)
৫)বিমান বৰুৱা(NCP)-৬৯৩(০.৬১%)
৬)ভূপেন ফুকন(AIFB)-৫৯৫(০.৫২%)
৭)ৰঞ্জিত চাহু(IDP)-৬৪২(০.৫৭%)
৮)NOTA-১৩৪০(১.১৮%)