নিউজ ডেস্ক: পাঁচ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। ইতিমধ্য কেৱল পঞ্জাবক বাদ বাকী চাৰিখন ৰাজ্য ক্ৰমে মণিপুৰ, উত্তৰ-প্ৰদেশ, গোৱা আৰু উত্তৰাখণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
মন কৰিবলগীয়া যে এইবাৰ নিৰ্বাচনত কেইবাখনো ডাঙৰ মুখে পৰাজয় বৰণ কৰা দেখা গৈছে।
নিৰ্বাচনত পৰাস্ত হোৱা শীৰ্ষস্থানীয় নেতাসকলৰ ভিতৰত আছে পঞ্জাবৰ মুখ্য মন্ত্ৰী চৰণজিৎ সিং চান্নি, প্ৰাক্তন ক্ৰিকেটাৰ, পঞ্জাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজিৎ সিং সিদ্ধু, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱট আৰু পাঁচবাৰকৈ পঞ্জাবৰ মুখ্য মন্ত্ৰী পদ অলংকৃত কৰা শিৰোমণি আকালি দলৰ পিতামহ প্ৰকাশ সিং বাদল।
পঞ্জাবৰ হাই প্ৰফাইল সমষ্টি পূব অমৃতসৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা সিদ্ধুয়ে আপৰ নেতা জীৱন জ্যোত ক’ৰৰ হাতত ৬,৭৫০ টা ভোটত পৰাস্ত হয়। আপৰ নেতা গৰাকীয়ে ৩৯,৫২০ টা ভোট লাভ কৰাৰ বিপৰীতে সিদ্ধুয়ে লাভ কৰে ৩২,৮০৭ টা ভোট, ইপিনে আকালি দলৰ বিক্ৰম সিং মাজিথিয়াই লাভ কৰে ১৪,৪০৮ টা ভোট।
আনহাতে দুটা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱা পঞ্জাবৰ মুখ্য মন্ত্ৰী চৰণজিৎ সিং চান্নিয়ে দুয়োটা সমষ্টিতে আপৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হয়। ইপিনে উত্তৰাখণ্ডত বিজেপি দলে সংখ্যা গৰিষ্ঠ আসনেৰে চৰকাৰ গঠন কৰাটো নিশ্চিত যদিও ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পুস্কৰ সিং ধামিয়ে পৰাজয় স্বীকাৰ কৰিছে। ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা হৰিশ ৰাৱটো এইবাৰ পৰাস্ত হৈছে।
ইপিনে পাঁচবাৰকৈ পঞ্জাবৰ মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰা শিৰোমণি আকালি দলৰ পিতমহ প্ৰকাশ সিং বাদল এইবাৰৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে। পঞ্জাবৰ লাম্বি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা ৯৪ বছৰীয়া বাদলে যোৱা ৭ দশকজুৰি ৰাজ্যখনৰ ৰাজনীতিত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছিল।
লগতে পঢ়ক – গাহৰিৰ কলিজা সংৰোপিত হোৱা ব্যক্তি গৰাকীৰ মৃত্যু