নিউজ ডেস্ক: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অংশ ল’ব লগা ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৭৩ গৰাকীয়েই হ’ল কোটিপতি । ৩৯ টা সমষ্টিৰ বাবে প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিপিএফ দলৰ সৰ্বাধিক ৭৫ শতাংশ প্ৰাৰ্থী কোটিপতি । এআইইউডিএফৰ ৭১শতাংশ, কংগ্ৰেছৰ ৬৪ শতাংশ, বিজেপিৰ ৫৬ শতাংশ, অগপৰ ৫০ শতাংশ আৰু অসম জাতীয় পৰিষদৰ ৩২ শতাংশ প্ৰাৰ্থী কোটিপতি।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নমা ধনী প্ৰাৰ্থীসকলৰ তালিকাত শীৰ্ষত থাকে উধাৰবন্ড সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাহুল ৰয় । তেও ঘোষণা কৰা মুঠ সম্পত্তিৰ পৰিমান ১,৩১,২২,৪১,৭৮৩ টকা দ্বিতীয় স্থানত আছে তেওৰেই পত্নী আলগাপুৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ডেইজী ৰয় । তেও সম্পত্তিৰ পৰিমান হ’ল ১,৩১,১৪,৫৯,৩৩১ কোটি টকা । সেইদৰে তৃতীয় স্থানত থকা ধনী প্ৰাৰ্থী গৰাকী হ’ল এআইইউডিএফৰ যমুনামুখ সমষ্টিৰ প্ৰাৰ্থী ছিৰাজ উদ্দিন আজমল । তেওৰ সম্পত্তিৰ মূল্য হ’ল ১,১১,৩৬,২৮,৮৯২ কোটি টকা ।
ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অংশ লোৱা দৰিদ্ৰ প্ৰাৰ্থীৰ তালিকাত প্ৰথম তিনিটা স্থানত আছে ৰাতাবাৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বিষ্ণুধাৰী মাল্লাহ ,যাৰ সম্পত্তি দেখুওৱা হৈছে ৮,১৫৮ টকা। দ্বিতীয় স্থানত আছে ঢলাই সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰাম ৰতন দুছাড, যাৰ সম্পত্তিৰ মূল্য ১০ হাজাৰ আৰু তৃতীয় স্থানত ১০ হাজাৰ সম্পত্তিৰে নগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমান ।
আয়কৰ ৰিটাৰ্ন কৰা সকলৰ ভিতৰত শীৰ্ষত আছে আলগাপুৰৰ এআইইউডিএফৰ প্ৰাৰ্থী নিজামুদ্দিন চৌধুৰী। সেইদৰে অত্যধিক ঋণৰ বোজা থকাসকলৰ ভিতৰত আছে বঢ়মপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰা ।