নিউজ ডেস্ক: তৃণমূল কংগ্ৰেছে দলটোৰ নেতা তথা বিধায়ক বাবুল সুপ্ৰিয়ক দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিয়োগ কৰিছে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নতুন দায়িত্বভাৰ পোৱাৰ পিছতে টুইটাৰ যোগে দলটোৰ সভানেত্ৰী মমতা বেনাৰ্জীক ধন্যবাদ জনায়।

টি এম চিৰ এজন জ্যেষ্ঠ নেতাৰ মতে সুপ্ৰিয়ক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্তি দিয়াটো দলটোৱে বংগৰ বাহিৰত নিজৰ ভেটি সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰস্তুত কৰা ৰণনীতিৰ এটা অংশ।

‘’গোটেই দেশতে তেওঁ এগৰাকী গায়ক তথা এজন ৰাজনীতিবিদ হিচাপে এখন পৰিচিত মুখ। গতিকে ৰাষ্ট্ৰীয় পৰ্য্যায়ত আমাৰ দলৰ নীতি আৰু আদৰ্শ প্ৰতিষ্ঠা কৰাত তেওঁ সহায় কৰিব,’’ নেতাজনে কয়।

উল্লেখযোগ্য যে বিজেপিৰ প্ৰাক্তন সাংসদ সুপ্ৰিয়ক যোৱা বছৰ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পৰা বাদ দিয়া হৈছিল, আৰু তাৰ পিছত তেওঁ তৃণমূল কংগ্ৰেছেলৈ দল পৰিৱৰ্তন কৰিছিল।

লগতে পঢ়ক – শিৱ-পাৰ্বতীৰ ৰূপত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি আটক হোৱা নগাঁৱৰ যুৱকক মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply