নিউজ ডেস্কঃ অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অহা ৩১মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। সকলো বিৰোধী দল মিলিলে দ্বিতীয় খন আসনত জয়লাভৰ সম্ভাবনা আছে, সেইবাবেই কংগ্ৰেছৰ সহযোগিতা বিচাৰিছে এআইইউডিএফয়ে । ধুবুৰীত সাংসদ মৌলানা বদৰুদ্দিন আজমলে সংবাদমেলত এই কথা জানিবলৈ দিয়ে। এআইইউডিএফ প্ৰধান গৰাকীয়ে কয়, ”ৰাজ্য সভাৰ আসন এইবাৰ আমাক লাগে। আমি ১২ তাৰিখ দিল্লী যাম ছোনিয়া গান্ধীৰ ওচৰত জনাম । কাৰণ আমাৰ ৰাজ্য সভাত প্ৰতিনিধি নাই।”
লগতে পঢ়কঃউত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাত বিজেপি প্ৰাৰ্থীৰ জয়লাভ
আজমলে লগতে কয়, ”কংগ্ৰেছৰ লগত আমাৰ মিত্ৰতা ভঙ্গ হৈছে। আমাৰ কোনো মিত্ৰতা নাই। আমাৰ উদ্দেশ্য বিজেপিক হেৰুৱাব লাগে। ”
আজি ঘোষিত পৌৰনিৰ্বাচনক লৈ আজমলে কয়, ”পৌৰসভাত আমি টিকট দিয়া নাই। যি কেইটা ভাল আছিল সেই কেইটা দিছো। কংগ্ৰেছে পাত্তা পোৱা নাই। বিজেপি ভাল কাম কৰিছে বাবে ৰাইজে বিজেপিক ভোট দিছে।”