গুৱাহাটী – এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক বিজেপিৰ ‘এ’ টিম বুলি মন্তব্য প্ৰকাশ কৰিলে বদৰুদ্দিন আজমলে। ভোট বিভাজনৰ দ্বাৰা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিক সহায় কৰাৰ অভিযোগ এ আই ইউ ডি এফ প্ৰধান গৰাকীৰ।

তিনিটা পৰ্যায়ত অনুস্থিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অহা ২৭ মার্চ তাৰিখে অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে। এটা দলৰ প্ৰাৰ্থীয়ে আনটো দলৰ প্ৰাৰ্থীক চলাই গৈছে তীব্ৰ আক্ৰমণ। ইয়াৰ মাজতে এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমলে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকলৈ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।

বদৰুদ্দিন আজমলে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি কয় যে আঞ্চলিক দল দুটা বিজেপিৰ ‘বি’ টিম নহয়, দল দুটা বিজেপিৰ ‘এ’ টিম। বিজেপি সমৰ্থিত দল দুটাক বিজেপিয়ে আৰ্থিকভাৱে সহায় কৰিছে। দল দুটাই মুছলমান সংখ্যালঘু প্ৰধান অঞ্চলত গৈ ভোট বিভাজন কৰি বিজেপিক সহায় কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বদৰুদ্দিন আজমলে।

কংগ্ৰেছ মহাজোঁটৰ দলটোৰ প্ৰধান গৰাকীয়ে ৰাইজক অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। উল্লেখ্য যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল মহাজোঁটৰ পৰা আঁতৰি থাকি দল দুটাই মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply