গৌৰীপুৰ – মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত কেৱল মাত্ৰ বদৰুদ্দিন আজমলক ভয় কৰে বুলি মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীক তীব্ৰ সমলোচনা কৰিলে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। হিমন্ত বিশ্ব শৰ্মাই সকলোতে কেৱল মাত্ৰ বদৰুদ্দিন আজমল দেখা পায় বুলিও মন্তব্য প্ৰকাশ কৰে বদৰুদ্দিন আজমলে। বিজেপি আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ বদৰুদ্দিন আজমল বুলিও এক নিৰ্বাচনী প্ৰচাৰত কয় ধুবুৰীৰ সাংসদ গৰকীয়ে।
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব অহা ২৭ মার্চ তাৰিখে। ৰাজনৈতিক দল সমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সমান্তৰালে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও সাজু হৈ আছে। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টি সমূহতো ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।
ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ দলে অনুষ্ঠিত কৰা এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে বিজেপি দলৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ চলায়। বদৰুদ্দিন আজমলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ চলাই কয় যে হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত কেৱল মাত্ৰ বদৰুদ্দিন আজমলক ভয় কৰে।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোতে বদৰুদ্দিন আজমলক দেখা পায় বুলি মন্তব্য প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয় বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক ৰাইজে উন্নয়নৰ প্ৰশ্ন কৰিলে এটা উত্তৰ পোৱা যায় আৰু সেইটো হৈছে বদৰুদ্দিন আজমল। বানপানী সমস্যা সমাধান, মূল্যবৃদ্ধি ৰোধ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি দলটো সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত বিফল হৈছে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।
ইফালে এইবাৰ ৰাজ্যত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হ’ব বুলিও দাবী কৰে ধুবুৰীৰ সাংসদ গৰাকীয়ে। কংগ্ৰেছ মহাজোঁটে ৭৪ খনতকৈও অধিক আসন লাভ কৰিব। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বিজেপি সমৰ্থিত দল বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।