দৰং : নিৰ্বাচনী প্ৰচাৰৰ মাজতে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰণ। মই মুখ্যমন্ত্ৰী নহওঁ, সৰ্বা-হিমন্তকো মুখ্যমন্ত্ৰী হ’ব নিদিওঁ বুলি মন্তব্য প্ৰকাশ কৰি বিস্ফোৰণ ঘটালে বদৰুদ্দিন আজমলে। আমি যাক বিচাৰো সিয়েই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা বদৰুদ্দিন আজমলৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। প্ৰতিটো ৰাজনৈতিক দলৰ নেতা সকলে তীব্রতৰভাৱে প্ৰচাৰ চলাই থকাৰ মাজতে ৰাজনৈতিক দলৰ নেতা সকলে নিজৰ ভাষণত ঘটাইছে এটাৰ পিছত আনটো বিস্ফোৰণ। মহাজোঁট চৰকাৰ হ’লে মোৰ হাততে তলা-চাবি থাকিব বুলি এক মন্তব্য প্ৰদান কৰি বিস্ফোৰণ ঘটোৱা বদৰুদ্দিন আজমলে পুনৰ এক ব্যস্ফোৰণ ঘটাইছে।

এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে এক নিৰ্বাচনী সভাত বিস্ফোৰণ ঘটাই কয় যে মই অসমৰ মুখ্যমন্ত্ৰী নহওঁ আৰু সৰ্বা-হিমন্তকো অসমৰ মুখ্যমন্ত্ৰী হ’ব নিদিওঁ। মুখ্যমন্ত্ৰী মিত্ৰজোঁটৰ হ’ব বুলি মন্তব্য প্ৰকাশ কৰি বদৰুদ্দিন আজমলে কয় আমি যাব বিচাৰো সিয়েই অসমৰ মুখ্যমন্ত্ৰী হ’ব। মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ হোৱাৰ সম্ভাৱনা অধিক,কংগ্ৰেছৰ পিছতে গুৰুত্বপূৰ্ণ ভূমিকাত এ আই ইউ ডি এফ দল থাকিব বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।

মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে দপ্তৰ বিতৰণৰ ক্ষেত্ৰত এ আই ইউ ডি এফ দলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব বুলিও বদৰুদ্দিন আজমলে মন্তব্য কৰে। দৰং জিলাৰ দলগাঁৱত এক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এইদৰে মন্তব্য কৰে যে আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে। কংগ্ৰেছৰ পিছতে এ আই ইউ ডি এফ বিধায়ক অধিক থাকিব। আমি ১৯ টা আসন লাভ কৰিম বুলিও দাবী কৰে বদৰুদ্দিন আজমলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply