গুৱাহাটী : ২৭ মাৰ্চৰ পৰা ৫ এপ্রিললৈ এবচেন্টি ভােটাৰসকলৰ বাবে বেলট পেপাৰত ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নির্ধাৰিত ভােট গ্রহণ কেন্দ্ৰত সোঁশৰীৰে উপস্থিত থাকি ভােটদান সাব্যস্ত কৰিব নােৱাৰা কামৰূপ মহানগৰ জিলাৰ চাৰিটা সমষ্টিৰ প্রায় ৩ হাজাৰ এবচেন্টি ভােটাৰৰ বাবে ২৭ মাৰ্চৰ পৰা আৰম্ভ কৰা হ’ব বেলট পেপাৰৰ ভােট গ্রহণ প্রক্রিয়া।

২৭ মাৰ্চৰ পৰা ৫ এপ্রিললৈকে ১০ দিন ধৰি চলিবলগীয়া এই ভােট গ্রহণ প্রক্রিয়াত এবচেন্টি ভােটাৰৰ তালিকাত ৮০ বছৰৰ উৰ্ধৰ ভােটাৰ, দিব্যাংগ আৰু কভিড-১৯ ত আক্রান্ত হৈ থকা ভােটাৰক সন্নিবিষ্ট কৰি ঘৰতে ভােট গ্রহণৰ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিজ ঘৰতে থাকি ভােটদান সাব্যস্ত কৰিব পৰা এই প্রক্রিয়াটোত প্ৰতিগৰাকী এবচেন্টি ভােটাৰৰ ঘৰলৈ এজন মাইক্ৰ অৱজাৰভাৰ, দুগৰাকী পােলিং বিষয়া, এজন ভিডিঅ’গ্ৰাফাৰ আৰু এজন আৰক্ষী বিষয়া যাব আৰু নির্ধাৰিত প্রক্রিয়া অনুসৰি ভােটাৰজনে ঘৰতে ভােটদান সাব্যস্ত কৰিব পাৰিব।

প্ৰতিগৰাকী এবচেণ্টি ভােটাৰক সুৰক্ষিতভাৱে নিজৰ ভােটদানৰ অধিকাৰ সাব্যস্তৰ সুবিধা প্রদানৰ বাবেই নির্বাচন আয়ােগে প্রথম বাৰৰ বাবে আৰম্ভ কৰিছে এই ব্যৱস্থা। উল্লেখ্য যে ২৭ মাৰ্চত ৰাজ্যৰ ৪৭ টাকৈ সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৬ এপ্ৰিলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply