আজি পুনৰ তিনিটা কেন্দ্ৰত ভোটগ্ৰহণ
আজি পুনৰ তিনিটা কেন্দ্ৰত ভোটগ্ৰহণ

নিউজ ডেস্কঃ বৰাকৰ তিনিটা সমষ্টিত আজি পুনৰ চলিছে ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত উঠা বিভিন্ন অনিয়মৰ অভিযোগৰ পিছত আজি তিনিটা সমষ্টিৰ ৪ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

এই কেন্দ্ৰ চাৰিটা হ’ল- বৰাক উপত্যকাৰ ৰাতাবাৰী সমষ্টিৰ ১৪৯ নং ইন্দিৰা এম ভি স্কুল(সোঁফাল),সোণাই সমষ্টিৰ ১০৯ নং মধ্য ধনেহৰি এল পি স্কুল,ডিমা হাচাও জিলাৰ হাফলং সমষ্টিৰ ১০৭(ক)নং খোথলিৰ এল পি স্কুল আৰু মুৱালদাম এল পি স্কুল।

উল্লেখ্য যে, ১ এপ্ৰিলত হোৱা নিৰ্বাচনত এই সমষ্টি কেইটাত বিভিন্ন বিসংগতিৰ অভিযোগ উত্থাপন হৈছিল।তাৰ পিছতেই ভাৰতীয় নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশ অনুসৰিয়েই আজি পুৱা ৭ বজাৰ পৰা কেন্দ্ৰ কেইটাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সন্ধিয়া ৬বজাত সমাপ্ত হ’ব এই ভোটগ্ৰহণ প্ৰক্ৰিয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply