বটদ্ৰবাত কোনে চিপৰাং মাৰিছে কংগ্ৰেছ প্ৰাাৰ্থী শিবামনি বৰাৰ বিৰুদ্ধে

নগাঁও: কংগ্ৰেছৰ এচাম প্ৰাৰ্থিত্বৰ বঞ্চিত হোৱা নেতাই নিজ দলতে আৰম্ভ কৰিছে চিপৰাং মৰাৰ কাম । কংগ্ৰেছৰ বটদ্ৰৱা সমষ্টিৰ অন্যতম টিকটৰ দাবীদাৰ আছিল প্ৰাক্তন মন্ত্ৰী গৌতম বৰা । প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৰাকী এইবাৰ দলে টিকট নিদিলে। তাৰ বিপৰীতে দলে প্ৰাৰ্থী হিচাবে প্ৰক্ষেপিত কৰিলে শিবামনি বৰাক। দলৰো বহুতৰ বাবে অচিনাকী এইগৰাকী প্ৰাৰ্থী।
শেহতীয়াকৈ প্ৰাক্তণ মন্ত্ৰী গৌতম বৰাৰ এটা অডিঅ’ ক্লিপে বিশেষ চৰ্চা লাভ কৰিছে সমষ্টিটোত। য’ত বৰাই কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীৰ বিপৰীতে নিৰ্দলীয় এজন প্ৰাৰ্থীক সমৰ্থন দিবলৈ কোৱা বুলি অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ বটদ্ৰৱাৰ কংগ্ৰেছ শিবিৰত চৰ্চা চলিছে। দলীয় হাইকামান্ডক এই সম্পৰ্কে ব্যবস্থা লবলৈ দাবী জনাইছে কৰ্মীসকলে ।
সমষ্টিটোত টিকটৰ অন্যতম দাবীদাৰ আঞ্চলিক গণ মৰ্চাৰ নেতা লাচিত বৰদলৈয়ে মিত্ৰজোঁটৰ ধৰ্ম পালন কৰি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰত নামি পৰিছে । উল্লেখযোগ্য যে এই সমষ্টিটোৰ পৰা আঞ্চলিক গণ মৰ্চাৰ নেতা বৰদলৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে । সমষ্টিটোত শক্তিশালী প্ৰাৰ্থী হিচাবে চৰ্চা হৈছে বিজেপিৰ আঙুৰলতা ডেকাৰ নাম ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply