গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিব ভাৰতীয় ইউনিয়ন মুছলিম লীগে। ৬ টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব ভাৰতীয় ইউনিয়ন মুছলিম লীগে। ইতিমধ্যে কেইবাটাও সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰিছে বহু লোকে। নামনি অসম আৰু বৰাকত দলটোৰ ভেটি শক্তিশালী হৈ থকাৰ দাবী কৰিছে দলটোৱে।

অসম বিধনাসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলে দাখিল কৰিছে মনোনয়ন পত্ৰ। মঙলাবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনীত অৱতীৰ্ণ হোৱাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে।

বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ পূৰ্ণ প্ৰস্তুত হৈ থকাৰ মাজতে এইবাৰ অসম বিধানসভা নিৰ্বাচনত যুঁজিবলৈ আগুৱাই আহিছে কেৰেলাৰ ৰাজনৈতিক দল ভাৰতীয় ইউনিয়ন মুছলিম লীগ। কেৰেলাৰ ৰাজনৈতিক দলটোৱে অসম বিধানসভা নিৰ্বাচনত ৬ টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব বুলি দলটোৰ অসমৰ আহ্বায়াক গৰাকীয়ে জানিবলৈ দিয়ে।

দলটোৱে বর্তমানলৈকে কোন কেইটা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিব এই সম্পৰ্কে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও নামনি অসম আৰু বৰাকত দলটোৰ ভেটি শক্তিশালী হৈ থকাৰ দাবী কৰিছে দলটোৰ অসমৰ আহ্বায়াক গৰাকীয়ে। কেইবাটাও সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি বহু লোকে আবেদন কৰিছে বুলিও দলটোৰ অসমৰ আহ্বায়াক গৰাকীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply