নিউজ ডেস্ক: বিহাৰত ৫ বছৰৰ পিছত পুনৰ নীতিশ কুমাৰ JDU আৰু BJP-ৰ মাজৰ মিত্ৰতাৰ অৱসান ঘটিছে। মঙলবাৰে মুখ্য মন্ত্ৰীৰ আৱাসত অনুষ্ঠিত JDU-ৰ সাংসদ আৰু বিধায়সকলৰ বৈঠকৰ অন্তত এই ঘোষণা কৰা হয়।

যোৱা দীৰ্ঘদিন ধৰি বিহাৰত JDU আৰু BJP-ৰ মাজত চলি থকা শীতল ইয়াৰ লগে লগে এতিয়া

Bihar political crisis বিহাৰৰ নীতিশ কুমাৰৰ জেডি(ইউ)য়ে পুনৰ বিজেপিৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিব নেকি? পাটনাত ৰাজনৈতিক পৰিৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে দুপৰীয়া প্ৰায় ১২.৩০ বজাত ৰাজ্যপালক লগ কৰিবলৈ সময় বিচাৰিছে।

কিছু সময় পূৰ্বে নতুন চকাৰ গঠনৰ দাবীত বিহাৰৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ উদ্দেশ্যে নীতিশ কুমাৰ ৰাজভৱনত উপস্থিত হৈছে।

বিজেপিৰ সৈতে JDU-এ মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে দলটোৰ প্ৰতি RJD, কংগ্ৰেছ আৰু বামদলসমূহে সমৰ্থন আগবঢ়োৱাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে। ইয়াৰ মাজতে কংগ্ৰেছৰ বিধায়ক চাকিল আহমেদ খানে নীতিশ কুমাৰ মহাগঠবন্ধন চৰকাৰৰ মুখ্য মন্ত্ৰী হ’ব বুলি মন্তব্য কৰে।

ইতিমধ্যে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যোৱা নীতিশ কুমাৰৰ সৈতে যোৱা JDU একাংশ নেতাৰ লগতে RJD-ৰ নেতা তেজস্বী যাদৱেও নীতিশ কুমাৰক সংগ দিছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – তেজপুৰত সুলভ মূল্যৰ চাউল বজাৰত বিক্ৰীৰ যো-জা চলাওতেই হাতেলোটে ধৰা পৰিল দুজন    

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply