নিউজ ডেস্ক: প্ৰাৰ্থিত্ব তালিকা প্ৰকাশ পোৱাৰ পিছতেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলক ক্ষোভ প্ৰশমন কৰাৰ উদ্দেশ্যেৰে খানাপাৰাস্থিত বিজেপিৰ কাৰ্যালয়ত মিত্রজোঁটৰ সংবাদমেল অনুষ্ঠিত হয় । আসন বুজাবুজি সন্দৰ্ভত বিজেপি-অগপ-ইউপিপিএলৰ নেতৃত্বই সম্বোধন কৰে এই সংবাদমেল সংবাদমেল সম্বোধন কৰে ৰঞ্জিত দাস, অতুল বৰা, প্রমোদ বড়োয়ে |
বিজেপিৰ কৰ্মকৰ্তাসকললৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ অগপক এৰি দিয়া ২৬টা সমষ্টিত সহায় কৰাৰ আহ্বান | বিজেপি–ইউপিপিএলৰ প্রাৰ্থীকো সহায় কৰাৰ আহ্বান অগপ কৰ্মীলৈ দলীয় কৰ্মীসকলে নিজৰ দলৰ প্রাৰ্থী বিচাৰে মিত্রতাত বহু এৰা ধৰা কৰিবলগীয়া হয় বুলি মন্তব্য ৰঞ্জিত দাসৰ । ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত এনেধৰণে আগবাঢ়িবলগীয়া হৈছে বুলি উল্লেখ কৰে বিজেপিৰ সভাপতি জনে |
যোৱাবাৰ ২৪খন আসনৰ ৪খনত বন্ধুত্বপূৰ্ণভাৱে খেলিছিলো বুলি মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই ।
২০১৬ৰ নিৰ্বাচনত ১৪খন আসনত জয়ী হৈছিলো বুলি মন্তব্য অতুল বৰাৰ ।‘৩জন মন্ত্রী আৰু কেইগৰাকীমান চেয়াৰমেন হৈ আছিল ইয়াৰ পিছতো কিছু ক্ষোভ আছে দলৰ মাজত,এইবাৰ এনে অসন্তুষ্টি দূৰ কৰাৰ বাবে বহু নীতি লোৱা হৈছে, পোৱা-নোপোৱাৰ বেদনা এৰিব লাগে, কংগ্রেছৰ অপশাসনৰ পৰিৱৰ্তে আমাৰ চৰকাৰে সুশাসন দিছে, সেয়ে আৰু অধিক সময় শাসনৰ বাবে কৰ্মকৰ্তাৰ সহায় লাগিব’
সংবাদমেলত এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ | প্ৰফুল্ল মহন্তৰ প্ৰসংগ উল্লেখ কৰি বৰাই কয়, ‘যোৱা সময়ত দলৰ কোনো বিষয়তে তেখেতৰ সহযোগ নাই |’ দলৰ সকলোকে সহযোগৰ আহ্বান সভাপতি অতুল বৰাৰ |
ইউপিপিএলৰ প্রমোদ বড়োৱে সংবাদমেলত কয়, বিটিআৰৰৰ সমস্যা সমাধানৰ বাবে আমি ৰাষ্ট্রীয় দলৰ লগ হৈছো,বড়োভূমি এসময়ত অশান্তি আৰু আতংকৰ মাজত আছিল এনডিএ চৰকাৰৰ দিনত বড়ো চুক্তি হ’ল |
চুক্তি অনুসৰি বিটিচি প্রশাসনক কেন্দ্রৰ পৰা আৰ্থিক পেকেজ দিয়া হ’ল নতুন শিক্ষা প্রতিষ্ঠান আৰু মেডিকেল হোৱাৰ দিশে আগবাঢ়িছে , সেয়ে আমি এনডিএৰ অংশীদাৰ হ’বলৈ আগবাঢ়িছো | ইউপিপিএলৰ কৰ্মকৰ্তাসকললৈ প্রমোদ বড়োৱে অগপ-বিজেপি প্রাৰ্থী দিয়া সমষ্টিত সহায় কৰাৰ লগতে অগপ-বিজেপি কৰ্মীকো ইউপিপিএলক সহায় কৰাৰ আহ্বান জনাই |