গুৱাহাটী : বিজেপি মিত্ৰজোঁটে ৯০ খন আসন লাভ কৰিব বুলি ব্যক্ত কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভোটদান কৰি মন্ত্ৰী গৰাকীয়ে দাবী কৰিলে বিজেপি মিত্ৰজোঁটে ৯০ খন আসন লাভ কৰিব বুলি।

আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। ৰাজ্যৰ ১২ খন জিলাৰ ৪০ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোট গ্ৰহণ কেন্দ্ৰ সমূহত দেখিবলৈ পোৱা যায় দীঘলীয়া শাৰী।

ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিয়ালসহ পুৱাৰ ভাগত ভোটদান কৰে। ভোটদান কৰিয়ে মন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে এইবাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৯০ খন আসন লাভ কৰিব। আজিৰ তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হোৱা ৪০ খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ২২ খনৰো অধিক আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ২০১৬ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ৮৪ খন আসন লাভ কৰিছিল যদিও এইবাৰ আসনৰ সংখ্যা বৃদ্ধি হৈ ৯০ খন হ’ব। উল্লেখ্য যে ১০০ প্লাছ আসনৰ লক্ষ্য লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলে বিভিন্ন সময়ত ১০০ প্লাছ আসন লাভ কৰাৰ দাবী কৰিছিল যদিও তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ থকাৰ মাজতে আসনৰ সংখ্যা হ্ৰাস পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply