বিহালীঃবিশ্বনাথ জিলা অন্তৰ্গত বিহালী সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তৰ বৃহৎ বিজয় লাভ।
আজি বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত পুৱা সাত বজাৰ পৰাই অনুষ্ঠিত হৈছিল ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা।
বিহালী সমষ্টিৰ পৰা চাৰিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল।ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল মন্ত্ৰী ৰঞ্জিত দত্ত,মহাজোঁটবন্ধনৰ চি আই এম এলৰ প্ৰাৰ্থী বিবেক দাস,অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অঞ্জন উপাধ্যায় আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল জয়ন্ত বৰাই।
কিন্তু বিহালী সমষ্টিৰ মূল নিৰ্বাচনী যুজখন অনুষ্ঠিত হ’ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্ত আৰু নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাৰ মাজত।
তেৰটা ৰাউণ্ডত হিচাপ কৰা হৈছিল এই গণনা।
অৱশেষত বিহালী সমষ্টিৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী ৰঞ্জিত দত্তই নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাক ২৯৪৮১ ভোটৰ ব্যৱধানত পৰাস্ত কৰি ৰঞ্জিত দত্তই ৫৩০২৪ ভোট লাভ কৰ।
আনহাতে জয়ন্ত বৰাই লাভ কৰে ২৩৫৪৭ টা ভোট ।