বিশ্বনাথ : বিশ্বনাথ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে ৮৯২৩ টা ভোটৰ ব্যৱধানত কংগ্ৰেছী প্ৰাৰ্থীক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিলে।
বিশ্বনাথ জিলা অন্তৰ্গত বিশ্বনাথ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ বিজয় লাভ কৰিলে। দেওবাৰ বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত পুৱা সাত বজাৰ পৰা অনুষ্ঠিত কৰা হয় ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা।
এইবাৰ বিশ্বনাথ সমষ্টিৰ পৰা পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰমোদ বৰঠাকুৰ, কংগ্ৰেছ দলৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যুৱ নেতা অঞ্জন বৰা, অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন ছাত্ৰ নেতা দুলদুল বৰকটকীয়ে, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেলৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিছিল মিলি চৰন বসুমতাৰি আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছিল দ্বীপ বৰঠাকুৰে।
কিন্তু বিশ্বনাথ বিধানসভা সমষ্টিৰ মুল নিৰ্বাচনী যুঁজখন অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাৰ মাজত।
১৭ ৰাউণ্ডত অনুষ্ঠিত কৰা ভোট গণনাৰ অন্তত বিশ্বনাথ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাক ৭০৭০১ভোটৰ ব্যবধানত পৰাস্ত কৰে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাই লাভ কৰে৬১৭২৩টা ভোট।