যোৰহাট: যোৰহাট বিধান সভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বানীৰ সমষ্টি বাসী ৰাইজলৈ অনুৰোধ যদি পুনৰ নিৰ্বাচিত কৰে,তেনেহলে সমষ্টিটোৰ বাকী থকা উন্নয়ন মুলক কামৰ বাহিৰেও বহু কেইটা উন্নয়ন সাধন কৰা চেষ্টা কৰিব।
ইয়াৰ ভিতৰত গ্ৰেটাৰ চাৰিগাঁও পানী যোগান আঁচনিৰ আৰ্হিত যোৰহাট নগৰৰ প্ৰতিটো পৰিয়াল লৈ আৰ্চনিকমুক্ত বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থা কৰিব।ইতিমধ্যে তাৰ বাবে ১১৬ কোটিৰ এক অভিলাসী আঁচনি কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে।
৫৭ কোটিৰ ব্যয়ৰে ভোগদৈ River Front সম্পূৰ্ণ কৰা লগতে টোকোলাইক পুৰণজ্জীৱিত কৰাৰো প্ৰতিশ্ৰুতি দিয়ে। নগৰ খনত নিৰ্মাণ হ’বলগীয়া বহু মহলীয়া বজাৰ খনৰো টেন্ডাৰ সম্পূৰ্ণ হ’ল। প্ৰায় ২৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া বহু মহলীয়া বজাৰ খনত গ্ৰাউন্ডত ২০০ খন বাহন পাৰ্কিং ব্যৱস্থা হব।
সৰ্বমুঠ ২০ টা নতুন প্ৰতিশ্ৰুতি ৰে যোৰহাটৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই বাৰ ভোটাৰ ৰাইজক আৰ্কষন কৰাৰ চেষ্টা কৰিছে। উল্লেখযোগ্য যে বিগত সময়চোৱাত জনতাৰ লগত সম্পৰ্ক ছেদ হোৱা বিধায়ক গৰাকীক যোৰহটীয়া ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেইয়া ২ মে’ত গম পোৱা যাব।