ৰাজ্যসভা

ৰাজ্যসভা নিৰ্বাচনৰ অসমৰ দুখন আসনৰ ভিতৰত এখনত বিজেপিয়ে নিজাকৈ প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে দ্বিতীয়খন আসন মিত্ৰদল ইউ পি পি এলক এৰি দিব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ।

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা সমন্বিতে ক’ৰ কমিটিৰ আটাইকেইগৰাকী সদস্য উপস্থিত থাকে । এই ক’ৰ কমিটিৰ বৈঠকত মূলতঃ ৰাজ্যসভাৰ প্ৰথমখন আসনত বিজেপিৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়েই আলোচনা চলে।

অৱশ্যে দুই এদিনৰ ভিতৰতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰিব ।উল্লেখযোগ্য যে, ৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২১ মাৰ্চ ।

ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰো যোৱা নিশা গুৱাহাটীৰ হোটেলত বৈঠক অনুষ্ঠিত হয়। বৈঠকত
উপস্থিত থাকে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন। ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ৫জনীয়া পেনেল তৈয়াৰ কৰি হাইকামাণ্ডলৈ পঠায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply