নিউজ ডেস্ক: এইবাৰ বিজেপি নেত্ৰী অজন্তা নেওগৰ দেহত কোৰোনাৰ সংক্ৰমণ।আজি গোলাঘাট জিলাৰ মহুৰা পথাৰলৈ প্ৰধানমন্ত্ৰীৰ আগমন প্ৰাকক্ষণত কৰা পৰীক্ষাত তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ। উল্লেখ্য যে, বিগত দিনকেইটাত প্ৰচাৰ কাৰ্যত ব্যস্ত আছিল অজন্তা নেওগ। গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওঁগ বৰ্তমান হোম আইশ্যলেছনত থকা বুলি প্ৰকাশ । সাংসদ তপন কুমাৰ গগৈৰ কোৰোনা পজিটিভ আহিছিল যদিও শেহতীয়াকৈ ৰিজাল্ট আহিছে নিগেটিভ।
উল্লেখ্য যে দেশত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৪৩হাজাৰ, ৮৪৬গৰাকী লোক। এই সময়চোৱাত ১৯৭গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, বিগত কেইটামান দিনৰ পৰা অতিপাতভাৱে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। উল্লেখ্য যে, ভাৰতত ভেকচিন লোৱা লোকৰ সংখ্যাই ৪কোটিৰ ঘৰ ইতিমধ্যে অতিক্ৰম কৰিছে।