পানেৰী – অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু ইউ পি পি এলৰ মিত্ৰতাত মেলিছে ফাট৷ প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত ইউ পি পি এল নেতাৰ মুকলি বিদ্ৰোহ৷ পানেৰী সমষ্টিত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ মিত্ৰদল ইউ পি পি এলৰ।

বিধানসভা নিৰ্বাচনকলৈ বড়োভূমীত বিজেপি আৰু ইউ পি পি এলlৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত এইবাৰ চূড়ান্তৰূপ ধাৰণ কৰিছে ৬৪ নং পানেৰী বিধানসভা সমষ্টিত৷ ইউ পি পি এল দলৰ শক্তিশালী ভেটি থকা সমষ্টিটো কোনো কাৰণতে বিজেপিক এৰি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইউ পি পি এল দলে।

ইউ পি পি এল দলৰ কেবাগৰাকীও নেতাই পানেৰী বিধানসভা সমষ্টিত প্ৰাৰ্থীত্বৰ প্ৰৱল দাবীদাৰ আছিল যদিও সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মিত্ৰদল বিজেপিয়ে সমষ্টিটোত বিশ্বজিৎ দৈমাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাত জাঙুৰ খাই উঠিছে সমষ্টিটোৰ ইউ পি পি এল দলৰ একাংশ নেতা-কৰ্মী।

পানেৰী সমষ্টিত বিজেপিক ৰোধিবলৈ প্ৰয়োজনত নিজ দল ত্যাগ কৰিবলৈ সাজু হৈছে ইউ পি পি এল দলৰ একাংশ নেতা-কৰ্মী৷ সমষ্টিটোত বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত ইউ পি পি এল দলৰ শক্তিশালী নেতা মনমোহন বড়োই নিৰ্দলীয় প্ৰাৰ্থী ৰূপে থিয় হোৱাৰ হুংকাৰ দিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply