নিউজ ডেস্কঃ ডিব্ৰুগড় সমষ্টিত বিজেপিৰ প্ৰশান্ত ফুকন ১০০৮ টাভোটত আগবাঢ়ি আছে। লাহোৱালত বিজেপিৰ বিনোদ হাজৰিকাই আগবাঢ়ি আছে ২১৭০টা ভোটত।
মৰানত বিজেপিৰ চক্ৰধৰ গগৈয়ে ২১৭০টা ভেটত আগবাঢ়ি আছে। দুলীয়াজানত অজাপৰ সভাপতি লুৰিনজ্যোতি গগৈ আগবাঢ়ি আছে।
চাবুৱাত অগপৰ পোনাকন বৰুৱাই ১৭০০টা ভোটত আগবাঢ়ি আছে। নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈয়ে ১৭২২টা ভোটত আগবাঢ়ি আছে।
আনহাতে, খুমটাই সমষ্টিত বিজেপিৰ মৃণাল শইকীয়াই লাভ কৰে ৪১৮৫ টা ভোট, কংগ্ৰেছৰ বিস্মিতা গগৈয়ে লাভ কৰে ৩১০৫টা ভোট।
তৃতীয় ৰাউণ্ডৰ অন্তত তিতাবৰত কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা ৪০৮৭ টা ভোটত অগ্ৰগতি লাভ কৰিছে। তৃতীয় ৰাউণ্ডৰ অন্তত ভাস্কৰজ্যোতি বৰুৱাই লাভ কৰা সৰ্বমুঠ ভোট ১২২২৪ টা, বিপৰীতে বিজেপিৰ হেমন্ত কলিতাৰ সৰ্বমুঠ ভোট ৮১৩৭ টা।
১১০০বজাৰ খবৰ অনুসৰি বিজেপি মিত্ৰজোঁটে ৮২খন, কংগ্ৰেছ মহাজোঁটে ৪০ খন আৰু অন্যান্যই ৩খন আসনত অগ্ৰগতি লাভ কৰি আছে। বিজেপিয়ে অকলে ৬৩খনত, কংগ্ৰেছে ২৬খনত, এআইইউডিএফে ১১খন, অগপই ১৩খন, ইউপিপিএলে ৬খনত, বিপিএফে ৩খন আসনত আগবাঢ়িছে।