কোকৰাঝাৰ – বিপিএফৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফ দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে এইবাৰ চৰকাৰ গঠন কৰিব বুলি দাবী হাগ্ৰামা মহিলাৰীৰ।
অসম বিধনাসভা নিৰ্বাচনকলৈ মাজত মাত্ৰ কেইটামান দিন। নিৰ্বাচন আয়োগে অসম বিধনাসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে নিৰ্বাচনকলৈ অধিক তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। শাসকীয় বিজেপি, অগপ, কংগ্ৰেছ, এআইইউডিএফ, অসম জাতীয় পৰিষদ, ৰাইজৰ দলে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা।
বড়োভূমিত ইউপিপিএল দলৰ হাতত পৰাস্ত হৈ চৰকাৰ গঠনৰ পৰা বঞ্চিত হৈ বিজেপিৰ মিত্ৰজোঁটৰ পৰা ওলাই আহি কংগ্ৰেছৰ মহাজোঁট অন্তৰ্ভুক্ত হোৱা হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলেও সোমবাৰে ঘোষণা কৰিলে অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।
বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। ওদালগুৰিত বিপিএফৰ প্ৰাৰ্থী হৈছে ৰিহন দৈমাৰী, পানেৰীত প্ৰাৰ্থী কৰুণাকান্ত স্বৰ্গীয়াৰী, মাজবাটত প্ৰতিদ্বন্দ্বিতা কৰিব চৰণ নাৰ্জাৰী আৰু কলাইগাঁৱত বিপিএফৰ প্ৰাৰ্থী হৈছে দূৰ্গাদাস বড়ো।
তালিকা প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। আনহাতে বিপিএফ দলে ১২ খন আসনে দখল কৰিব বুলিও দাবী কৰে বিপিএফ প্ৰধান গৰাকীয়ে।