তেজপুৰ – অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনাই বৃন্দাবন গোস্বামীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বৃন্দাবন গোস্বামীয়ে।
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজুলীৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব চলি থকাৰ মাজতে দলৰ পৰা এলাগী হৈ পৰা এগৰাকী জ্যেষ্ঠ নেতাও তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাই আহি মনোনয়ন পত্ৰ দাখিল কৰে। দলীয় টিকট লাভৰ পৰা বঞ্চিত অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে তেজপুৰ সমষ্টিৰ পৰা দাখিল কৰিলে মনোনয়ন পত্ৰ।
অগপ দলৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হোৱা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সমৰ্থকৰ উপস্থিতি তেজপুৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে বৃন্দাবন গোস্বামীয়ে।
অগপই এইবাৰ বৃন্দাবন গোস্বামীক টিকটৰ পৰা বঞ্চিত কৰি তেজপুৰ সমষ্টিত টিকট প্ৰদান কৰিছে পৃথিৰাজ ৰাভাক। অগপই টিকট প্ৰদান নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰি অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে কয় অগপৰ বৰ্তমানৰ নেতৃত্বই দলটোক শেষ কৰি পেলালে। তেজপুৰ সমষ্টিৰ পৰা পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বৃন্দাবন গোস্বামী।