নিউজ ডেস্ক:ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব | ৰাইজৰ দলে প্ৰথম দুটা পৰ্যায়ত হ’ব লগা ৮৬ খন আসনৰ মাত্ৰ ১৮ খনতহে প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰিছে | শণিবাৰে সংবাদমেল যোগে প্ৰথম দুটা পৰ্য্যায়ত হ’ব লগা আসনসমূহৰ ভিতৰত দলে প্ৰতিদ্বন্দিতা কৰিব লগা প্ৰাৰ্থী সমূহৰ নাম ঘোষণা কৰে | প্ৰাৰ্থীৰ নাম ঘোষণা কৰি ভাস্কো ডি শইকীয়াই কয়, বিজেপিক প্ৰতিহত কৰাৰ বাবেই যাতে বিপক্ষৰ ভোট ভাগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলে ১৮ টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লয় |
প্ৰথম পৰ্যায়ৰ ৪৭ খন আসনৰ ভিতৰত ১২ খনত খেলাৰ কথা প্ৰকাশ কৰে যদিও ১১খনৰ প্ৰাৰ্থীৰ নামহে প্ৰকাশ কৰে | আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৩৯ খন আসনৰ মাত্ৰ ৬ খনতহে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয় | তালিকাত অন্তভূক্ত হোৱা সকলৰ ভিতৰত তেজপুৰত অলক নাথ , ৰহাত ৰুবুল দাসো আছে | মিত্ৰ দল অসম জাতীয় পৰিষদে কালি ১৮ জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পিছত আজি ৰাইজৰ দলে একেই ১৮জনীয়া তালিকা খন প্ৰকাশ কৰে |
প্ৰকাশিত তালিকা খন:-
চাবুৱা-দ্বিপনজ্যোতি ফুকন
মৰাণ-মোহিনী মোহন লিগিৰা
মাহমৰা- লোহিত গগৈ
শিৱসাগৰ- অখিল গগৈ
টিয়ক-কবিন্দ্ৰ চেতীয়া ফুকন
বোকাখাত-জীৱন বৰা
ৰূপহীহাট- নজৰুল ইছলাম
ধিং- মেহবুব মুক্তাব
তেজপুৰ- অলক নাথ
বিহপুৰীয়া-অনুপ শইকীয়া
ৰঙাপাৰা- বিজয় তিৰ্কি
ৰহা- ৰুবুল দাস
ৰঙিয়া- হৰেশ্বৰ বৰ্মন
কমলপুৰ-জিতুল ডেকা
কৰিমগঞ্জ-ছাহাবুল ইছলাম চৌধুৰী
দলগাঁও- ওমৰ আলি
যমুনামুখ-দিলোৱাৰা বেগম চৌধুৰী