ছটিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাগাল

মাজুলী: অসমৰ ৰাজনীতিত পুনৰবাৰ কংগ্ৰেছৰ আধিপত্য স্থাপনৰ বাবে শাসকীয় দল তথা মিত্ৰজোট বিজেপি দলৰ সমান্তৰালকৈ‌ কংগ্ৰছৰো দলীয় ৰথী মহাৰথী সকলৰ আগমন ঘটা দেখা গৈছে। মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কংগ্ৰেছ দলৰ এক বিশাল নিৰ্বাচনী জনসভাত ৯৯ নং মাজুলী বিধান সভা (এচ টি) সমষ্টিৰ প্ৰাৰ্থী ৰাজীৱলোচন পেগুক পুনৰবাৰ মাজুলীৰ পৰা নিশ্চিতভাৱে জয়ী কৰাই নিয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহিল ছটিশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ বাগাল ।

ৰাজহুৱা জনসভাত অংশ লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰাৰ লগতে সৰ্বানন্দ সোণোৱালক খুৰধাৰ সমালোচনা কৰা দেখা গ’ল।ছত্তিচগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সৰ্বানন্দ সোণোৱালক চিণ্ডিকেটৰাজৰ খলনায়ক সজোৱাৰ লগতে সৰ্বানন্দক ভোটযুদ্ধত পৰাভূত কৰি পুনৰবাৰ ৰাজীৱলোচন পেগুক জয়ী কৰাবলৈ মাজুলীবাসীক আহ্বান জনায়।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী বাগালে সৰ্বানন্দ মাজুলীবাসীৰ বাবে আনন্দ নহয় বুলিও কয়।

আনহাতে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজীৱলোচন পেগুৱে সৰ্বানন্দ সোণোৱালক তীক্ষ্ণ বাক্য বানেৰে সমালোচনা কৰি ৰাইজক হাতৰ চিনত ভোট দিবলৈ আহ্বান জনায়।ৰাজীৱলোচন পেগুৱে কংগ্ৰেছৰ শাসনকালত মাজুলীৰ ৰাস্তা-ঘাটৰ সামগ্ৰিক উন্নয়ত গুৰুত্ব দিয়া কামসমূহকে ঘঁহি পিহি চূন-তেল দি মেৰামতি কৰি বিজেপিয়ে বাঃহ বাঃহ লৈ ৰাইজক আভুৱাভাৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply