চেঙা : চেঙাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে সমষ্টিটোত ব্যাপক প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। সমষ্টিবাসীক এটাৰ পিছত আনটো আশ্বাস আৰু প্ৰতিশ্ৰুতি সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা প্ৰাৰ্থী সকলৰ। এইবাৰ মাদ্ৰাছা খুলি দিয়াৰ প্ৰতিশ্ৰুতি দিছে চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে।
অহা ১ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে অন্ত পৰিছে যদিও অব্যাহত আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে প্ৰচাৰ অভিযান তীব্রতৰ কৰি ৰাইজৰ এটাৰ পিছত আনটো আশ্বাস প্ৰদান কৰিছে। ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ উঠি পৰি লাগিছে ৰাজনৈতিক দলৰ নেতা সকল।
ইফালে যোৱা দহ বছৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক হৈ থকা শুকুৰ আলী আহমেদ সমষ্টিটোৰ পৰা পুনৰ নিৰ্বাচনীত হৈ অহাৰ বাবে ব্যাপক প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। বুধবাৰে সমষ্টিটোত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শুকুৰ আলী আহমেদে কয় যে এইবাৰ কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হ’লে মাদ্ৰাছা সমূহ পুনৰ খুলি দিয়া হ’ব।
কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন হ’লে প্ৰথমখন কেবিনেটত মাদ্ৰাছা খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও শুকুৰ আলী আহমেদে কয়। চেঙা সমষ্টিৰ বৰ্তমানৰ বিধায়ক গৰাকীয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে সমষ্টিটোৰ বানপানী আৰু গৰাখহনীয়া ৰোধৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।
কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে চেঙা সমষ্টিৰ বানপানী আৰু গৰাখহনীয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও সমষ্টিবাসীক আশ্বাস প্ৰদান কৰে শুকুৰ আলী আহমেদে। উল্লেখ্য যে এইবাৰ মহাজোঁট বন্ধনে এইবাৰ চেঙা সমষ্টি এ আই ইউ ডি এফক এৰি দিয়াৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদ বন্ধুত্বমূলকভাৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।