গুৱাহাটী : যােৱা ২৭ মার্চ তাৰিখে ১০৬ নং সােণাৰী বিধানসভা সমষ্টিৰ ১৪৭ নং শালকাঠনী বাগান প্রাথমিক বিদ্যালয় (পশ্চিম) ভােট গ্রহণ কেন্দ্ৰত দ্বিতীয় পলিং বিষয়া হিচাপে কৰ্তব্যৰত অৱস্থাত তুলসী খনিকৰ আকস্মিকভাৱে অসুস্থ হৈ পৰে। ততাতয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত তুলসী খনিকৰে মৃত্যুবৰণ কৰে। আনহাতে প্রথম পর্যায়ৰ নির্বাচন সমাপ্ত হােৱাৰ পিছত ২৮ মার্চ তাৰিখে লখিমপুৰৰ পৰা গৃহৰক্ষী জোৱানসহ সুৰক্ষা বাহিনীৰ কিছুসংখ্যক কর্মী ৫ খন বাছেৰে ওভতি অহাৰ পথত তাৰে এখন বাছ ডিমাহাচাও আৰু কাছাৰ জিলাৰ সীমান্তত দুর্ঘটনাগ্রস্ত হৈ পাহাৰৰ খাদত খহি পৰে। এই বাছখনত এজন হাবিলদাৰ আৰু ৩৫ জন গৃহৰক্ষী জোৱান আছিল। দুর্ঘটনাটোত বাছখনৰ চালক আৰু এজন গৃহৰক্ষী জোৱান নিহত হােৱাৰ লগতে কেইবাগৰাকীও জোৱান আঘাতপ্রাপ্ত হয়।

দুর্ঘটনাত নিহত বাছচালকগৰাকী হ’ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাপু ভূঞা আৰু নিহত গৃহৰক্ষী জোৱানগৰাকী লখিমপুৰ জিলাৰে হেমকান্ত গগৈ। বাছত অহা আন এগৰাকী গৃহৰক্ষী জোৱান হেমন্ত দাস আহি থকাৰ পথত অসুস্থ হােৱাত বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তিকৰােৱা হৈছিল। তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকাৰ পথত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চামগুৰি প্ৰাথমিক চিকিৎসালয়লৈ অনা হয় যদিও ইতিমধ্যে তেওঁ মৃত্যুবৰণ কৰে।
মৃত্যুৰ এই ক্ষতি কেতিয়াও পূৰণ কৰা সম্ভৱ নহয়, তথাপিও বর্তমান অসম বিধানসভা নির্বাচন পৰিচালনাত জড়িত আমি সকলােৱে শােকসন্তপ্ত পৰিয়ালৰ কাষত ঠিয় দিছাে বুলি মন্তব্য প্ৰকাশ কৰি মুখ্য নির্বাচনী বিষয়াই লগতে কয় যে উক্ত চাৰিওটা পৰিয়াললৈ পােন্ধৰ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হ’ব।

এই প্রসংগত উল্লেখ কৰিব পাৰি যে দুর্ঘটনাগ্রস্ত সুৰক্ষাকর্মীসকলে নগদবিহীন চিকিৎসা লাভ কৰিব আৰু আঘাতৰ মাত্রা অনুসাৰে এককালীন ক্ষতিপূৰণ লাভ কৰিব। এনেধৰণে নির্বাচনী কর্তব্যত থকা অৱস্থাত আহত-নিহত হােৱা যিকোনাে ব্যক্তিৰ পৰিয়ালে একে ৰাশিৰে সাহায্যৰ ধন লাভ কৰিব বুলিও জানিবলৈ দিয়ে মুখ্য নির্বাচনী বিষয়া গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply