মাজুলী – মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নীলকন্ঠ মন্দিৰত সেৱা লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰীয়ে। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীৰ লগত ওলাই আহিল হাজাৰ হাজাৰ সমৰ্থক। জনসমূদ্ৰত পৰিণত হ’ল মাজুলীৰ ৰাজপথ।

মঙলাবাৰে ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী যুঁজৰ বাবে মাজুলী সমষ্টিত দাখিল কৰিলে মনোনয়ন পত্ৰ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰীৰ মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে মাজুলীত পৰিলক্ষিত হয় এক উৎসৱমুখ’ৰ পৰিৱেশৰ। মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক ল’গ দিয়ে হাজাৰ হাজাৰ সমৰ্থকে। নীলকন্ঠ মন্দিৰত সেৱা লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই অহা মুখ্যমন্ত্ৰী গৰাকীক কেইবা হাজাৰ সমৰ্থকে ঢোলে ডগৰে আদৰি নিয়ে।

সত্ৰীয়া সংস্কৃতিৰ মুখা শিল্প, মিচিং বিহু, দেউৰী বিহুৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীতেৰে মুখ্যমন্ত্ৰীৰ সমৰ্থক সকলে এক বিশাল সমদল উলিওয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জিন্দাবাদ শ্ল’গান দি মাজুলীৰ আকাশ বতাহ মুখৰিত কৰি তোলে। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৯৯ নং মাজুলী বিধনাসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱা মুখ্যমন্ত্ৰী গৰাকীক লগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিক ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা আৰু প্ৰমোদ বড়ো। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয় বাৰৰ বাবে মাজুলীৰ পৰা বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply