নিউজ ডেস্ক: তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক তেওঁৰ ৮৭ সংখ্যক জন্মদিনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনোৱা কাৰ্যক সহজভাৱে গ্ৰহণ কৰা নাই চীন ৰাষ্ট্ৰই। বুধবাৰে নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে ভাৰতে চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ তিব্বত সম্পৰ্কীয় বিষয়সমূহ ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে।
উল্লেখযোগ্য যে বুধবাৰে দালাই লামাই ৮৭ বছৰত ভৰি দিয়াত প্ৰধান মন্ত্ৰী মোদীয়ে তেওঁক ফোন কৰি জন্মদিনৰ শুভেচ্ছা জনায়।
প্ৰধান মন্ত্ৰীয়ে টুইট কৰি তিব্বতৰ আধ্যাত্মিক নেতা গৰাকীক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ কথা উল্লেখ কৰে।
যোৱা বছৰো প্ৰধান মন্ত্ৰী মোদীয়ে দালাই লামাক জন্মদিনৰ শুভেচ্ছা জনাইছিল।
দালাই লামাৰ সমৰ্থকসকলে ধৰ্মশালাত নিৰ্বাসনত থকা আধ্যাত্মিক নেতাজনৰ জন্মদিন উদযাপন কৰে।
প্ৰধান মন্ত্ৰী মোদীয়ে শুভেচ্ছা জনোৱাৰ পিছতে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ Zhao Lijian-এ এক সংবাদমেলত এইদৰে কয়, “ভাৰতীয় পক্ষই চতুর্দশ দালাই লামাৰ চীন বিৰোধী বিচ্ছিন্নতাবাদী স্বভাৱক সম্পূর্ণৰূপে স্বীকাৰ কৰা উচিত৷”
ভাৰতে “চীনৰ প্ৰতি থকা দায়বদ্ধতা মানি চলিব লাগে’’ বুলি উল্লেখ কৰি ঝাওৱে লগতে কয় যে ভাৰতে ‘’কথা আৰু কামত সাৱধানতা অৱলম্বন কৰা উচিত আৰু চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিবলৈ তিব্বত সম্পৰ্কীয় বিষয়সমূহ ব্যৱহাৰ কৰা বন্ধ কৰিব লাগে।”
লগতে পঢ়ক – জ্যোতিৰাদিত্য সিন্ধিয়াক তীখা মন্ত্ৰ্যালয়ৰ অতিৰিক্ত দায়িত্ব অৰ্পন