বিশ্বনাথ বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত। উপযুক্ত প্রার্থীক প্ৰাৰ্থীত্ব নিদিয়াৰ অভিযোগ তুলি বিশ্বনাথ পৌৰ সভাৰ সদ্য প্রাক্তন পৌৰপতি ৰুলি শৰ্মাৰ নেতৃত্বত বিজেপিৰ তিনিগৰাকী প্ৰাক্তন ৱাৰ্ড সদস্যই নির্দলীয় হিচাপে দাখিল কৰিলে মনোনয়ন কৰিলে।
৪ নং ৱাৰ্ডৰ পৰা প্ৰাক্তন পৌৰ পতি ৰুলি শৰ্মা, ১০ নং ৱাৰ্ডৰ পৰা উপ পৌৰপতি বীথিকা সেন, ২ নং ৱাৰ্ডৰ পৰা সদ্য প্ৰাক্তন ৱাৰ্ড সদস্য ৰীতা মহন্ত, ৫ নং ৱাৰ্ডৰ পৰা সদ্য প্ৰাক্তন ৱাৰ্ড সদস্য চেবিকা ভদ্রই মনোনয়ন দাখিল কৰে । লগতে ৬ নং ৱাৰ্ডৰ পৰা বিজেপি ত্যাগ কৰি নিৰ্দলীয় হিচাবে মনোনয়ন দাখিল কৰে প্ৰাক্তন কিষাণ মৰ্চাৰ মণ্ডল সভাপতি দেৱজিৎ শৰ্মাই আৰু ৭ নং ৱাৰ্ডৰ পৰা বিজেপি কর্মী লাৱণ্য গগৈয়ে দল ত্যাগ কৰি মনোনয়ন দাখিল কৰিছে।
আনহাতে বিজেপিৰ বিৰুদ্ধে বহুকেইটা ৱাৰ্ডত প্ৰাৰ্থীত্ব দিবই নোৱাৰিলে কংগ্ৰেছে। বৰপেটা আৰু তেজপুৰৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী বিনাপ্ৰতিদন্দিতাৰে বিজয়ী হয়।
নগাঁও পৌৰসভাৰ অন্তৰ্গত দুটা ৱাৰ্ডত বিনাপ্ৰতিদণ্ডিতাৰে দুগৰাকী প্ৰাৰ্থী বিজয় হোৱাতো চূড়ান্ত হৈছে।প্ৰাৰ্থী দুগৰাকী হ’ল ৮ নং ৱাৰ্ডৰ সীমান্ত বৰা আৰু ১০ নং ৱাৰ্ডৰ বেদশ্ৰী বৰঠাকুৰ বেজবৰা ৷ বিজেপি প্ৰাৰ্থীৰ বাহিৰে আন কোনো প্ৰাৰ্থীয়ে দুয়োটা ৱাৰ্ডত মনোনয়ন দাখিল নকৰিলে ৷
ৰহা পৌৰসভাত বিভিন্ন দলৰ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।মনোনয়ন দাখিলৰ অন্তিম দিনা ৰহা পৌৰসভাৰ ১ নং ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় বিজেপি দলৰ প্ৰাৰ্থী প্ৰীতি বৰদলৈ। অসুস্থতাৰ দোহাই অসম জাতীয় পৰিষদৰ বনশ্ৰী ল’ৰেই মনোনয়ন দাখিলেই নকৰিলে।
ইয়াৰ বিপৰীতে বিজেপি আৰু অগপই মিত্ৰতা কৰিছিল বহুকেইটা ৱাৰ্ডত এই মিত্ৰতা নহল। বহু কেইটা ৱাৰ্ডত দুয়োটা দলেই প্ৰাৰ্থীত্ব দিলে বন্ধুত্বপূৰ্ণ যুঁজৰ বাবে। বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই সকলো মিত্ৰতা ভংগ কৰি নিজা প্ৰাৰ্থীসকলক দিলে দলীয় টিকট। ইয়াকে লৈ বিজেপি অগপ দুয়োটা দলৰে কৰ্মীৰ অসন্তুোষ্টি।