গুৱাহাটী: অহা ৬ মাৰ্চত হব লগা পৌৰসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিয়ে দলীয় কুচকাৱাজ আৰম্ভ কৰিছে। গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি এখন পৌৰ সভা নিৰ্বাচনৰ প্ৰস্তুতি সভা অনুষ্ঠিত হৈ যায়। কাৰ্যকৰ্তা সকলক উদ্দেশ্যি সভাত আদৰণি ভাষণ প্ৰদান কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এই নিৰ্বাচনত দলৰ জয় সু-নিশ্চিত কৰাৰ বাবে সু পৰিকল্পিত ভাৱে আগবাঢ়ি যোৱাৰ বাবে সকলোকে আহ্বান জনায়।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ পৌৰসভা এলেকা সমূহৰ উন্নয়নৰ গতি তৰান্বিত হৈছে আৰু এই গতি ধাৰা অব্যাহত ৰখাৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিব লাগিব।
সভাত ভষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপি দলক ৰাইজৰ অধিক ওচৰ চপাই নিবলৈ কার্যকর্তা সকলে গুৰুত্বপূর্ণ ভুমিকা ল’ব লাগিব।

সমাজৰ বাবে উৎসর্গিত মনােভাবেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নগৰ নিকায়সমূহক অধিক ৰূপান্তমুখী কৰাৰ বাবে ঐকান্তিকতাৰে নিজকে নিয়ােজিত কৰিব লাগিব। পৌৰসভা আৰু পঞ্চায়ত নির্বাচন দল বিহীনভাৱে অনুষ্ঠিত কৰাৰ পােষকতা কৰা হৈছে যদিও সময়ৰ নাটনিৰ বাবে এয়া সম্ভৱ হৈ নুঠিব। যিসকলে সমাজৰ বাবে কাম কৰাৰ বাবে ইচ্ছুক, সেইসকল সৎ আৰু উৎসর্গিত মনােভাবেৰে কাম কৰা ব্যক্তিক নির্বাচনত অগ্রাধিকাৰ দিয়াৰ বাবে প্রয়াস চলােৱা হ’ব বুলিও তেওঁ কয়।
দুর্নীতিপৰায়ণ আৰু অযােগ্য ব্যক্তিক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দিলে তৃণমূল পর্যায়ত উন্নয়নৰ প্রক্রিয়াটো বাধাপ্রাপ্ত হয়। মুখ্যমন্ত্ৰীয়ে কয় যে ১০২ খন পৌৰ এলেকাতপথ,নলা-নর্মদা, ষ্ট্রীট লাইট,উদ্যান, ষ্টেডিয়ামকে ধৰি উন্নত আন্তঃগাঁথনি গঢ়ি তােলাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাইছে। এই উন্নয়নমূলক কাম-কাজসমূহ নিয়াৰিকৈ কৰি তুলিবলৈ নিকা ভাৱমূৰ্ত্তি আৰু উৎসর্গিত মনােভাবেৰে কাম কৰা ব্যক্তিৰ প্রয়ােজন বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সপােনক বাস্তৱায়িত কৰিবলৈ
হলে সকলােধৰণৰ বাধা নেওচি কাম কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সুৰা ব্যৱসায়ৰ বাহিৰে পঞ্চায়ত এলেকাত কোনাে ব্যৱসায়িক অনুজ্ঞাপত্ৰৰ প্রয়ােজন নহ’ব। সকলাে জিলাতে সংহত
উপায়ুক্তৰ কার্যালয় নির্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে আৰু ইয়াৰ ফলত বিভিন্ন চৰকাৰী কার্যালয়ৰ সুবিধাসমূহ এতিয়া একে ঠাইতে উপলব্ধ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।


সভাত অসম চৰকাৰৰ জোষ্ঠ মন্ত্ৰী অশোক সিংহালে পৌৰসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে জাৰি কৰা নীতি নিৰ্দেশনাৰ লগতে প্ৰাথমিক কাৰ্যপন্থা সন্দৰ্ভত দলীয় কাৰ্যকৰ্তা সকলক চমু আভাস দিয়ে। ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে দলৰ সাংগঠনিক কামকাজৰ বিভিন্ন দিশ সন্দৰ্ভত কাৰ্যকৰ্তা সকলৰ মাৰ্গ দৰ্শন কৰে।

লগতে পঢ়ক- অৱশেষত নগা উগ্ৰপন্থী সংগঠনে ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰি দিলে হীৰেন কোঁচক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply