মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত উত্তৰ গুৱাহাটী পৌৰসভাত ১০টা ৱাৰ্ডৰ ভিতৰত ৭টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয় বিজেপি প্ৰাৰ্থী। ইয়াৰ ফলত বিনাপ্ৰতিদ্বন্দিতাৰে এইখন পৌৰসভা বিজেপিয়ে গঠন কৰাতো নিশ্চিত হ’ল।
গহপুৰ পৌৰসভাৰ নিৰ্বাচনত বিনাপ্ৰতিদ্বন্দিতাৰে বিজয়ী হয় বিজেপি দলৰ তিনি প্ৰাৰ্থী। ১০ নং ৱাৰ্ডৰ মন্দাকিনী দাস, ৯ নং ৱাৰ্ডৰ দিপালী কুষ্টা দাস আৰু ৪ নং ৱাৰ্ডৰ অতুল বৰা। তিনিও গৰাকী বিজয়ী প্ৰাৰ্থীয়ে আজি প্ৰমাণ পত্ৰ মহকুমাধিপতি কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰে।
ঢকুৱাখনা পৌৰসভা নিৰ্বাচনৰ ১০ টা ৱাৰ্ডৰ বাবে মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰৰ দুগৰাকীয়ে দেওবাৰে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে ।ঢকুৱাখনা পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী অকণ গগৈ আৰু ৯ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী জোনটি দত্তই দেওবাৰে নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে ।
লগতে পঢ়ক- নগাৱত প্ৰকৃতিপ্ৰেমী সংগঠনৰ ব্যতিক্ৰম ধৰ্মী পদক্ষেপ
মুঠ ৬০ টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে বিজেপি প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।পৌৰসভাৰ সৰ্বমুঠ ৯৭৭খন আসনৰ ৮৮৩ খনত বিজেপি দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দীতা কৰিছে।আন ৯২ খন আসন মিত্ৰ দলক এৰি দিয়া হৈছে।উত্তৰ গুৱাহাটী,চতিয়া আৰু লামডিং পৌৰসভা গঠন কৰিব পৰাকৈ বিজেপি প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে।
গহপুৰ,নাজিৰা,বিহপুৰীয়া, নগাঁও আদি পৌৰসভাত কংগ্ৰেছৰ হাহাকাৰ অবস্থা।আনহাতে দুই এটা পৌৰসভাৰ বাহিৰে নিৰ্বাচনী ৰণভূমিত নাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী।