গুৱাহাটী : উত্তৰ গুৱাহাটী আৰু পলাশবাৰী পৌৰসভাৰ বাবে অনুষ্ঠিত হ’বলগীয়া আসন্ন পৌৰসভা নিৰ্বাচন, ২০২২ত প্ৰাৰ্থীত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়৷ মনোনয়ন দাখিল কৰা মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩৭ গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে৷

উত্তৰ গুৱাহাটীত প্ৰাৰ্থীত্ব আগবঢ়োৱা ১৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৭গৰাকীৰ আৰু পলাশবাৰী পৌৰসভাৰ ২১গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২০ গৰাকীৰ মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। পলাশবাৰী পৌৰসভাৰ ৫ নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়োৱা সুধন্ন চন্দ্ৰ কলিতা আৰু উত্তৰ গুৱাহাটীৰ ৮ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী দিপ্তী দত্ত চৌধুৰীৰ মনোনয়ন নাকচ কৰা হৈছে৷

আনহাতে উত্তৰ গুৱাহাটীত ৬ নং ৱাৰ্ড আৰু ১০ নং ৱাৰ্ডৰ দুজন প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ উঠাই লয়৷
এনেদৰে এতিয়া পলাশবাৰীৰ ৯ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে উত্তৰ গুৱাহাটী পৌৰসভাৰ ৪ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ উত্তৰ গুৱাহাটী পৌৰসভাৰ ১, ৩, ৫ আৰু ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী ক্ৰমে ঝুমা চাকমা, নমিতা কাকতি, বিকাশ বড়ো আৰু অনামিকা ডেকাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে৷

এই আটাই কেইগৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ৷ তদুপৰি ৬ নং ৱাৰ্ড আৰু ১০ নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী ক্ৰমে হিমাংকু দাস আৰু হিমাংশু দাসে প্ৰাৰ্থীত্ব উঠাই লোৱাৰ পৰিপ্ৰেক্ষিতত এই ৱাৰ্ড দুটাতো ক্ৰমে ভাৰতীয় জনতা পাৰ্টিৰ গনেশ বৰুৱা আৰু গিৰিশ মেধিয়ে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে৷

আনহাতে পলাশবাৰী পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ দুগৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকীৰ মনোনয়ন নাকচ হোৱাৰ বাবে আনগৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ ৰাতুল শৰ্মা বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়৷
উল্লেখযোগ্য যে পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় সীমা হৈছে অহা ২০ ফেব্ৰুৱাৰী আৰু এই নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৬ মাৰ্চত অনুষ্ঠিত হ’ব৷

লগতে পঢ়কঃসোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply