মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা পৌৰসভাৰ ১০টা ৱাৰ্ডতে বৃহৎ ব্যৱধানত বিজেপি – অগপ প্ৰাৰ্থীৰ জয়লাভ। পৌৰসভাটোত ৯টা ৱাৰ্ডত বিজেপি আৰু ১টা ৱাৰ্ডত অগপই প্ৰতিদ্বন্ধিতা আগবঢ়াইছিল।
বিজয়ী প্ৰাৰ্থী সকল হ’ল ক্ৰমে
১ নং ৱাৰ্ড- সত্য ৰঞ্জন বৰকাকতী
২ নং ৱাৰ্ড ৰাজশ্ৰী দেৱী গগৈ
৩ নং ৱাৰ্ড অনিল গগৈ ( অগপ )
৪ নং প্ৰণামী সোণোৱাল
৫ নং ভীম কৰ্মকাৰ
৬ নং আনন্দ কুমাৰ শৰ্মা
৭ নং পিংকী দে
৮ নং আশিস পাল
৯ নং ৱাৰ্ড মণি দত্ত
১০নং ৱাৰ্ড সমিতা দেৱ
আজি পুৱা মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ৫২টা ইভিম মেছিনত থকা ভোট গণনা কৰা হয়। বিপুল পৰিমাণৰ ভোট লাভ কৰি বিজেপি অগপ মিত্ৰ দলে ১০টা ৱাৰ্ডতে জয় লাভ কৰিবলৈ সক্ষম হয়।
দুৰ্ভাগ্যজনক ভাবে বিৰোধীয়ে এটা বুথটো জয় লাভ কৰিব নোৱাৰিলে। মাৰ্ঘেৰিটা পৌৰসভাৰ মুঠ ভোটাৰ সংখ্যা ২৩৯৯০ টা। তাৰে ভিতৰত ৬৩ .৮৭% ভোটদান হৈছিল। ফলাফল ঘোষণাৰ পাছতেই মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই এইয়া উন্নয়নৰ জয় বুলি কয়। লগতে কয় এতিয়াৰ পৰা সংবাদ মাধ্যম হে বিৰোধীৰ কাম কৰিব লাগিব।
পৌৰসভাৰ প্ৰতিটো কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। যিহেতু বিৰোধী শূন্য। বিশেষকৈ পৌৰসভা এলেকাধীন অঞ্চলৰ খোৱা পানী,নলা নৰ্দমা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নীতি আদৰ্শ সাৰোগত কৰি কৰ্ম কৰি যাব মাৰ্ঘেৰিটাৰ বিজেপি প্ৰতিজন বিজয়ী প্ৰাৰ্থীয়ে এইবুলি ১০ গৰাকী বিজয়ী প্ৰাৰ্থী সংবাদমাধ্যমৰ আগত বক্তব্য প্ৰকাশ কৰে।
এইবাৰ পৌৰসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান আছিল সমাজৰ সচেতন ব্যক্তি সকল এইবাৰ পৌৰ নিৰ্বাচনত আগবাঢ়ি আহিব লাগে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক তথা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সত্য ৰঞ্জন বৰকাকতী এইবাৰ মাৰ্ঘেৰিটা ১নং ৱাৰ্ডৰ পৰা বিজয়ী হৈছে।