মৰাণ: মৰাণ পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৰাজনৈতিক দলসমূহে। আজি মৰাণ নগৰৰ মাজমজিয়াত কংগ্ৰেছ আৰু অজাপ একত্ৰিত হৈ বিশাল ৰেলীৰে প্ৰচাৰ কৰে ।

এই ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সুৰুজ দিহিঙ্গীয়াৰ লগতে অসম জাতীয় পৰিষদৰ নেতা মানিক গগৈয়ে অংশগ্ৰহন কৰি শাসনাধিষ্টিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

এই প্ৰচাৰ অভিযানত মৰাণৰ পৌৰসভা এইবাৰ কংগ্ৰেছ আৰু অজাপৰ দখলত যাব বুলিও মত প্ৰকাশ কৰে দুই নেতাই।

লগতে ৰাজ্যিক কেবিনেট মন্ত্ৰী যোগেন মহনক তীব্ৰ সমালোচনা কৰে অজাপৰ নেতা মানিক গগৈয়ে।
“বিজেপিয়ে জাতিক নিঃশেষ কৰাৰ প্ৰথা ললে, পৌৰসভা নিৰ্বাচনত যোগেন মহনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক প্ৰাৰ্থীত্ব দিছে, দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে” ।

লগতে পঢ়ক- চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আলফা (স্বা)ৰ সদস্য জাগৰণ অসমৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply