নগাঁও পৌৰসভাৰ বাবে বিজেপিয়ে ঘোষনা কৰিছে প্ৰাৰ্থী সকলৰ নাম ৷ ২৬ টা ৱাৰ্ডৰ ২২ টা ৱাৰ্ডতেই বিজেপিয়ে প্ৰাৰ্থী আগবঢ়াইছে আৰু ৪ টা ৱাৰ্ডত মিত্ৰদল অগপক এৰি দিছে ৷

বিজেপিয়ে ঘোষনা কৰা প্ৰাৰ্থী সকল হৈছে ১ নং ৱাৰ্ডত মল্লিকা সুত্ৰধৰ , ২ নংত বুলবুলি সাহা , ৩ নংত নবস্মৃতা মেধি বৰা , ৪ নংত হেমা ঝানৱাৰ , ৫ নংত গজেন বৰা , ৬ নং ত নিতুমনি বৰা , ৭ নংত অলকমণি ভট্টাচাৰ্য , ৮ নংত সীমান্ত বৰা , ৯ নংত অৰূপ বৰদলৈ , ১০ নংত বেদশ্ৰী বৰঠাকুৰ বেজবৰুৱা , ১১ নংত বিজয় গুপ্তা , ১২ নংত জাকিৰ হুছেইন চৌধুৰী , ১৪ নংত মলয় বৰা , ১৬ নংত কিশোৰ দাস , ১৭ নংত স্বপ্না লোড , ১৮ নংত সুব্ৰত দত্ত , ১৯ নংত চিম্পী বৰা , ২১ নংত সুভাংকৰ সুত্ৰধৰ , ২২ নংত দীপ লিগিৰা , ২৩ নংত গোপাল শইকীয়া , ২৫ নংত সোনিয়া দত্ত আৰু ২৬ নংত অম্বিকা মজুমদাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে বিজেপিয়ে ৷
বিজেপিয়ে অগপক এৰি দিয়া নগাঁও পৌৰসভাৰ ৱাৰ্ড কেইটা হৈছে ১৩ , ১৫ , ২০ আৰু ২৪ নম্বৰ ৱাৰ্ড ৷ অগপই এতিয়ালৈকে ঘোষণা কৰা নাই প্ৰাৰ্থীৰ নাম।

লগতে পঢ়কঃশিল্পী পেঞ্চনৰ পৰা বঞ্চিত ২০০ৰ অধিক গীতৰ শ্ৰষ্টা, কণ্ঠশিল্পী সুন্দৰ ফুকন

আনহাতে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ, চতিয়া, গহপুৰ পৌৰসভাৰ প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে বিশ্বনাথ জিলা বিজেপিয়ে। বিশ্বনাথ সাংগঠনিক জিলাৰ ২৯ টা পৌৰসভা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে । ইয়াৰ ভিতৰত চতিয়া পৌৰসভাত ৭ টা গহপুৰত ১০ আৰু বিশ্বনাথত ১২ টা পৌৰসভা ৱাৰ্ডৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে জিলা বিজেপিৰ সভাপতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply