নগাঁও: শাসকীয় দলৰ শক্তিশালী প্ৰদৰ্শনত ক্ৰমান্বয়ে নিশকতীয়া ৰূপটোৱেই প্ৰকাশ পাইছে কংগ্ৰেছৰ। নগাঁও পৌৰসভাৰ নিৰ্বাচনত প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলসমূহে যুঁজ দিয়োটো দূৰৰে কথা প্ৰাৰ্থীকেই দিয়াত ব্যৰ্থ হৈছে ৷
নগাঁও পৌৰসভাৰ ৮ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সীমান্ত বৰা, ১০ নং ৱাৰ্ডত বেদশ্ৰী বৰঠাকুৰ বেজবৰা আৰু ২৬ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী অম্বিকা মজুমদাৰে বিনা প্ৰতিদন্দিতাৰে বিজয় সাব্যস্ত কৰিছে।
এসময়ৰ কংগ্ৰেছ দলৰ শক্তিশালী ভেটি থকা নগাঁও জিলাত আজি পৌৰসভা এলেকাতেই প্ৰাৰ্থী বিচাৰি নোপোৱা হৈছে দলটোৱে। আনহাতে বিজয়ী প্ৰাৰ্থীসকলে উন্নয়ন আগত সকলো নিস্তেজ হৈ পৰিছে বুলি মন্তব্য কৰে। এতিয়া ২৬ টা ৱাৰ্ড যুক্ত নগাঁও পৌৰসভাৰ এতিয়া ২৩ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – জামুগুৰিহাটৰ ধলাইবিল ৰেল ষ্টেচনৰ কাষত মহিলাৰ মৃতদেহ উদ্ধাৰ