শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান: শিৱসাগৰ নগৰৰ আগন্তুক পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ।

১৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা ৩৯ গৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে আৰম্ভ নিৰ্বাচনী প্ৰচাৰ।কিন্তু ইয়াৰ মাজতে উঠিছে অভিযোগ আৰু প্ৰতি অভিযোগ।

নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পাছত কংগ্ৰেছ দলে নিৰ্বাচন দণ্ডাধীশক ১ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী নুৰজাহান বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি অভিযোগ উত্থাপন কৰিছিল।

সেইদৰে ৬ নং ৱাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰূপা বৰাৰো শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ ভুৱা বুলি বিজেপি দলৰ তৰফৰ পৰা এক অভিযোগ উত্থাপন হৈছিল।

ৰূপা বৰাৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ

ইয়াৰ সামান্তৰালভাৱে ১৪ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী জুলি পাটৰৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰও ভুৱা বুলি এক অভিযোগ দাখিল কৰা হৈছিল।

উল্লেখযোগ্য যে বিজেপি দলৰ ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী নুৰজাহান বেগমে পৌৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰত তেওঁ ১৯৯২ চনত জোকতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰোল 547 আৰু নং A-110ৰ বিপৰীতে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

নুৰজাহান বেগমৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ

ইয়াৰ বিপৰীতে ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰূপা বৰাই ১৯৯৩ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দাখিল কৰিছিল।

আশ্চৰ্যজনক ভাৱে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰূপা বৰা আৰু নুৰজাহান বেগমৰ লাভ কৰা নম্বৰো সম্পূৰ্ণ একেই।

সেইদৰে জুলি পাটৰৰো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ ভুৱা বুলি অভিযোগ উঠিছে।

জুলি পাটৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ

আনহাতে বিষয় সন্দৰ্ভত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধী দাহালে এই জালিয়তীৰ সন্দৰ্ভত প্ৰশাসনৰ স্থিতি মুকলি কৰে। তেওঁ কয় যে মনোনয়ন সমূহ পৰীক্ষা কৰাৰ আগত এই অভিযোগ সমূহ লাভ কৰা হলে এক ব্যৱস্থা গ্ৰহণ কৰিব পৰা গলে হয়।

কিন্তু মনোনয়ন পৰীক্ষা কৰাৰ পাছত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পাছত এতিয়া এই অভিযোগক লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply