পৌৰ নিৰ্বাচনক লৈ শিৱসাগৰৰ ২ নং ৱাৰ্ডৰ ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ধাইআলি ছোৱালী এল পি স্কুলত এই উতপ্ত পৰিস্থিতি।
বিধায়ক অখিল গগৈ আৰু বিজেপি কৰ্মীৰ মাজত তৰ্কযুদ্ধ লাগে। বিধায়ক অখিল গগৈক ভোট কেন্দ্ৰটোলৈ যোৱাত বাধা বিজেপিৰ কৰ্মীৰ। অখিল গগৈয়ে ভোট কেন্দ্ৰত ভোট বিচৰাৰ অভিযোগ বিজেপিৰ।
বিজেপিৰ এই অভিযোগ নস্যাৎ কৰিছে ৰাইজৰ দলে। তেওলোকৰ অভিযোগ
মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েহে ভোটাৰক প্ৰলোভিত কৰাৰ চেষ্টা চলাইছে। দুয়োপক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা হোৱাৰ পিছত বিধায়ক অখিল গগৈয়ে সেই স্থান ত্যাগ কৰে।
আনহাতে ডবকা পৌৰসভাৰ ৫ নং ৱাৰ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্দলীয় আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সৃষ্টি হয়। নিৰ্দলীয় প্ৰাৰ্থী মিছবাহ উদ্দিনৰ সমৰ্থকক প্ৰহাৰৰ অভিযোগ। AIUDF আৰু কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী আব্দুল হান্নানৰ ভাতৃৰ বিৰুদ্ধে উঠিছে অভিযোগ।
ভোটকেন্দ্ৰত সোমাই নিৰ্দলীয় প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগ।
এই ঘটনাৰ খবৰ ল’বলৈ যোৱা সাংবাদিককো অপদস্থ কৰে কংগ্ৰেছক প্ৰাৰ্থী আৰু সমৰ্থকে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ভোটকেন্দ্ৰটোত মোতায়েন আৰক্ষী কৰিব লগা হয়।