শিৱসাগৰ পৌৰসভাৰ মুঠ ১৪ খন আসনকলৈ আকৰ্ষণীয় নিৰ্বাচন হব।ইয়াৰ বাবে শাসকীয় আৰু বিৰোধী দল সমূহে ইতিমধ্যে আৰম্ভ কৰিছে ৱাৰ্ডে ৱাৰ্ডে প্ৰচাৰ অভিযান।

সেয়েহে শিৱসাগৰ পৌৰসভাৰ বাবেও শাসকীয় দল বিজেপি- অগপ মিত্ৰজোট আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে স্থানীয় বিধায়ক অখিল গগৈয়ে নেতৃত্বাধীন ৰাইজৰ দলে পোন প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত অংশগ্ৰহণ কৰি আটাইকেইটা ৱাৰ্ডতে সবল প্ৰাৰ্থী আগবঢ়াইছে।


শিৱসাগৰ পৌৰসভাৰ ৪ বাৰ্ডৰ ৰাইজৰ দলৰ প্ৰাৰ্থী কৃষ্ণালী দত্ত (আলিয়া) আৰু ৫ নং বাৰ্ডৰ ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দেৱশীষ মিশ্রৰ বাবে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাই শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দাবী কৰিছে আগন্তুক পৌৰ নিৰ্বাচনত ঐতিহাসিক শিৱসাগৰ নগৰৰ উন্নয়নৰ বাবে ৰাইজৰ সহযোগত শিৱসাগৰ পৌৰসভা দখল কৰিবলৈ সক্ষম হম। ১৪ টা ৱাৰ্ডতে ৰাইজৰ দলৰ প্ৰাৰ্থী জয়যুক্ত হব।

লগতে পঢ়ক- বিনা প্ৰতিদ্বন্দিতাৰে উত্তৰ গুৱাহাটী পৌৰসভা বিজেপিৰ দখলত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply